প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পিএম-সূৰ্য ঘৰঃ মুফট বিজলী যোজনাৰ বাবে এক কোটিতকৈ অধিক পৰিয়ালে পঞ্জীয়ন কৰাক লৈ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 MAR 2024 9:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম-সূৰ্য ঘৰঃ মুফট বিজলী যোজনাৰ বাবে এক কোটিতকৈ অধিক পৰিয়ালে পঞ্জীয়ন কৰাক লৈ প্ৰশংসা কৰিছে৷

টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"বৰ ভাল খবৰ!

 

‘প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰঃ মুফট বিজলী যোজনা’ আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে দেশৰ এক কোটিৰো অধিক পৰিয়ালে ইয়াত নামভৰ্তিৰ বাবে আৱেদন কৰিছে।

 

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নামভৰ্তিৰ খবৰ আহিছে। এই ৰাজ্যসমূহৰ ভিতৰত অসম, বিহাৰ, গুজৰাট, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু আৰু উত্তৰ প্ৰদেশে ৫ লাখৰ সীমা অতিক্ৰম কৰিছে।

 

যিসকলে এতিয়াও নামভৰ্তিৰ বাবে আবেদন কৰা নাই তেওঁলোকে অতি সোনকালে নামভৰ্তি কৰাৰ সুযোগ ল'ব লাগে।"

 

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাতো এইদৰে কয়।

 

"এই পদক্ষেপে দেশৰ বিভিন্ন ঘৰত বিদ্যুতৰ ব্যয় বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব। তদুপৰি বিদ্যুৎ উৎপাদনৰ বিষয়টোও নিশ্চিত কৰা হ'ব। ইয়াৰ দ্বাৰা বিশেষভাৱে 'পৰিৱেশৰ বাবে জীৱনশৈলী' অৰ্থাৎ 'জীৱন' কাৰ্যসূচীক উৎসাহিত কৰা হ'ব।" যিয়ে আমাক এখন উন্নত পৃথিৱী গঢ়ি তোলাত সহায় কৰিব।"

***

DS/DB


(रिलीज़ आईडी: 2016224) आगंतुक पटल : 130
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Marathi , English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam