প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        প্ৰধানমন্ত্ৰী আৰু ভুটানৰ প্ৰধানমন্ত্ৰী দ্বিপাক্ষিক বৈঠক আৰু বুজাবুজি চুক্তি বিনিময়
                    
                    
                        
                    
                
                
                    Posted On:
                22 MAR 2024 6:30PM by PIB Guwahati
                
                
                
                
                
                
                ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আজি থিম্ফুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানাৰ্থে দুপৰীয়াৰ আহাৰেৰে আপ্যায়ন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী টবগেক ব্যতিক্ৰমী ৰাজহুৱা অভ্যৰ্থনাৰ লগতে পাৰোৰ পৰা থিম্ফুলৈ যোৱা সমগ্ৰ যাত্ৰাপথত জনতাই তেওঁক জনোৱা সম্ভাষণৰ বাবে ধন্যবাদ জনায়।
 
দুয়োগৰাকী নেতাই বহুমুখী দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰি নবীকৰণযোগ্য শক্তি, কৃষি, যুৱ বিনিময়, পৰিৱেশ আৰু বন, পৰ্যটন আদি খণ্ডত সহযোগিতা আৰু অধিক বৃদ্ধিৰ বাবে সহমত প্ৰকাশ কৰে। ভাৰত আৰু ভূটানৰ মাজত সকলো স্তৰতে পৰম আস্থা, সদিচ্ছা আৰু পাৰস্পৰিক বুজাবুজিৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু ব্যতিক্ৰমী।
 
বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰীয়ে শক্তি, বাণিজ্য, ডিজিটেল সংযোগ, মহাকাশ, কৃষি, যুৱক-যুৱতী সংযোগ আদিৰ সন্দৰ্ভত একাধিক বুজাবুজি চুক্তি/চুক্তি বিনিময়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
 
********
DS/ST/DB
                
                
                
                
                
                (Release ID: 2016168)
                Visitor Counter : 107
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam