পোষ্ট কৰা হৈছে:
20 MAR 2024 6:19PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লামিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত ভাৰত-ইউক্ৰেইনৰ অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে।
চলি থকা ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ বিষয়ে আলোচনা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনকেন্দ্ৰিক পন্থাৰ প্ৰতি থকা সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰি আলোচনা আৰু কূটনীতিক আগুৱাই যোৱাৰ পথ হিচাপে গ্ৰহণৰ আহ্বান জনায়।
তেওঁ উল্লেখ কৰে যে ভাৰতে দেশসমূহৰ মাজত থকা সকলো সমস্যাৰ আগতীয়া আৰু শান্তিপূৰ্ণ সমাধানৰ বাবে কৰা প্ৰচেষ্টাক সমৰ্থন কৰে। তেওঁ লগতে কয় যে শান্তিপূৰ্ণ সমাধানৰ সমৰ্থনত ভাৰতে নিজৰ সামৰ্থ্য অনুসৰি সকলো কাম কৰি যাব।
ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনৰ জনসাধাৰণলৈ ভাৰতৰ অবিৰত মানৱীয় সাহায্যৰ শলাগ লয়।
দুয়োজন নেতাই যোগাযোগত থকাৰ মত পোষন কৰে।
***
DS/SK