ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

নিৰ্বাচন আয়োগে গেজেট অধিসূচনা জাৰিৰ পিছত আজি পুৱাৰেপৰা প্ৰথম পৰ্য্যায়ৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে

প্ৰথম পৰ্য্যায়ত অহা ১৯ এপ্ৰিলত ২১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২ টা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব

১ম পৰ্য্যায়ত বিহাৰৰ বাহিৰে আন ২০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৭ মাৰ্চ; বিহাৰত ২৮ মাৰ্চ

प्रविष्टि तिथि: 20 MAR 2024 4:06PM by PIB Guwahati

আজি পুৱাৰেপৰা প্ৰথম পৰ্য্যায়ৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে আজি ২০২৪ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিতব্য ২১ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২ টা সংসদীয় সমষ্টিৰ বাবে গেজেট অধিসূচনা জাৰিৰ পিছতে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১ম পৰ্য্যায়ত ১৯-০৪-২০২৪ত এই লোকসভা সমষ্টিসমূহত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

১ম পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিতব্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হ’লঃ অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰী।

১ম পৰ্য্যায়ৰ সময়সূচী তলত উল্লেখ কৰা হৈছে

                                                                

******

DK/RP/SB
 


(रिलीज़ आईडी: 2015705) आगंतुक पटल : 236
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Malayalam