ভাৰতীয় নিৰ্বাচন আয়োগ

অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ দিন সলনি

Posted On: 17 MAR 2024 4:28PM by PIB Guwahati

ভাৰতৰ নিৰ্বাচন আয়োগে ১৬ মাৰ্চ, ২০২৪ তাৰিখৰ প্ৰেছ টোকা নং: ইচিআই/পিএন/২৩/২০২৪ অনুসৰি, লোকসভা-২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচীৰ লগতে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচী তথা ভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছিল। উক্ত প্ৰেছ টোকাত দুয়োখন ৰাজ্য যথাঃ অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ভোট গ্ৰহণৰ তাৰিখ ১৯-০৪-২০২৪ আৰু ভোট গণনাৰ তাৰিখ ০৪-০৬-২০২৪ বুলি উল্লেখ কৰা হৈছিল।

1. ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৭২(১) আৰু জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ দফা ১৫ৰ লগতে সংবিধানৰ অনুচ্ছেদ ৩২৪ৰ অধীনত প্ৰদান কৰা ক্ষমতা অনুসৰি, আয়োগে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভাৰ কাৰ্য্যকাল অন্ত পৰাৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিব। অৰুণাচল প্ৰদেশ আৰু ছিকিম উভয় বিধানসভাৰ কাৰ্য্যকাল ০২-০৬-২০২৪ত অন্ত পৰিব।

2. ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সময়সূচীৰ ক্ষেত্ৰত তলত উল্লেখিত ধৰণেৰে সংশোধনীৰ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ-

ক্ৰমিক নং

নিৰ্বাচনৰ পৰ্য্যায়

বৰ্তমানৰ সময়সূচী

সংশোধিত সময়সূচী

ভোট গণনাৰ তাৰিখ

৪ জুন, ২০২৪

(মঙলবাৰ)

২ জুন, ২০২৪

(দেওবাৰ)

নিৰ্বাচনী প্ৰক্ৰিয়া এই তাৰিখৰ আগেয়ে সম্পূৰ্ণ হ’ব

৬ জুন, ২০২৪

(বৃহস্পতিবাৰ)

২ জুন, ২০২৪

(দেওবাৰ)

 

3. অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ সংসদীয় সমষ্টিসমূহৰ নিৰ্বাচনৰ ক্ষেত্ৰত সময়সূচীৰ কোনো সাল-সলনি হোৱা নাই।

***************

DK/RP/SB
 



(Release ID: 2015386) Visitor Counter : 57