তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘অ'টিটি প্লেটফৰ্ম’-ত অশ্লীল সমল সন্নিৱিষ্ট কৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ে

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ একাধিক সতৰ্কবাণীৰ পিছতো অশ্লীল আৰু এশোভনীয় সমল ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত ১৮ টা ‘অ'টিটি প্লেটফৰ্ম’ক অৱৰোধিত কৰা হৈছে

১৯টা ৱে’বছাইট, ১০টা এপ্, অ'টিটি প্লেটফৰ্ম-ৰ ৫৭টা ‘ছচিয়েল মিডিয়া হেণ্ডেল’ দেশজুৰি অৱৰোধিত কৰা হৈছে

সমলসমূহে ‘তথ্য প্ৰযুক্তি আইন’, ‘ভাৰতীয় দণ্ডবিধি’, আৰু ‘মহিলাৰ অশালীন প্ৰতিৰূপায়ণ (নিষিদ্ধকৰণ) আইন’ উলংঘা কৰিছে

Posted On: 14 MAR 2024 11:43AM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিভিন্ন মধ্যৱৰ্তী সংস্থাৰ সমন্বয়ৰে অশ্লীল, অশোভনীয় আৰু কিছু ক্ষেত্ৰত যৌনোদ্দীপক সমলৰ প্ৰকাশ-প্ৰদৰ্শন কৰা ১৮ টা ‘অ'টিটি প্লেটফৰ্ম’ক অৱৰোধিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে, ১৯টা ৱে’বছাইট, ১০টা এপ্ (‘গুগল প্লে’ ষ্টোৰ’ত ৭ টা, ‘এপল এপ্ ষ্টোৰ’ত ৩টা), আৰু এই ‘প্লেটফৰ্ম’সমূহৰ সৈতে সম্পৰ্কিত ৫৭টা টা ‘ছ'চিয়েল মিডিয়া একাউণ্ট’ৰ ৰাজহুৱা প্ৰৱেশ-অনুকূলতা সমগ্ৰ ভাৰততে বিঘ্নিত কৰা হৈছে।

উল্লেখ্য, 'সৃষ্টিশীল অভিব্যক্তি'ৰ ছদ্মবেশেৰে অশ্লীলতা, অশোভনীয়তা আৰু অপ-প্ৰচাৰত লিপ্ত নহ’বলৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে মঞ্চসমূহক বাৰম্বাৰ সঁকীয়াই অহাৰ লগতে সামাজিক দায়িবদ্ধতা প্ৰদৰ্শনত গুৰুত্ব আৰোপ কৰি আহিছে। ২০২৪ চনৰ ১২ মাৰ্চ তাৰিখে শ্ৰী ঠাকুৰে ঘোষণা কৰে যে অশ্লীল আৰু অশোভনীয় সমল প্ৰকাশ কৰা ১৮ টা ‘অ'টিটি প্লেটফৰ্ম’ বাৰণ কৰা হৈছে।

শেহতীয়া সিদ্ধান্তটো ভাৰত চৰকাৰৰ অন্যান্য মন্ত্ৰালয়/বিভাগ, আৰু সংবাদ মাধ্যম আৰু মনোৰঞ্জন, মহিলাৰ অধিকাৰ আৰু শিশু অধিকাৰ সম্পৰ্কীয় ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি ‘তথ্য প্ৰযুক্তি আইন, ২০০০’-ৰ ধাৰাৰ অধীনত গ্ৰহণ কৰা হৈছে।

'টিটি প্লেটফৰ্মৰ তালিকা

 

ড্ৰীমছ ফিল্ম

ভুৱি

য়েছমা

আনকাট আড্ডা

ট্ৰাই ফ্লিক্স

এক্স প্ৰাইম

নিয়ন এক্স ভিআইপি

বেচৰ্মছ

হাণ্টাৰ্ছ

ৰেবিট

এক্সট্ৰা মুড

নুফ্লিক্স

মুডএক্স

মজফ্লিক্স

হট শ্বট ভিআইপি

ফাগি

চিকুফ্লিক্স

প্ৰাইম প্লে’

 

সমলৰ প্ৰকৃতি

এই প্লেটফৰ্মসমূহত আগবঢ়োৱা সমলৰ এক গুৰুত্বপূৰ্ণ অংশ অশ্লীল, অশোভনী আৰু মহিলাসকলক অৱমাননামূলক ভাৱে চিত্ৰিত কৰা দেখা গৈছিল। ইয়াত বিভিন্ন অনুপযুক্ত প্ৰেক্ষাপটত নগ্নতা আৰু যৌন কাৰ্য্, যেনে- শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক, অনাচাৰী পাৰিবাৰিক সম্পৰ্ক আদি দেখুওৱা হৈছিল। বিষয়বস্তুত যৌন বিদ্ৰূপ আৰু কিছুমান ক্ষেত্ৰত, কোনো বিষয়ভিত্তিক বা সামাজিক প্ৰাসংগিকতা বিহীন অশ্লীল আৰু যৌনগন্ধী দৃশ্যৰ দীঘলীয়া অংশ অন্তৰ্ভুক্ত হৈছিল।

সমলসমূহে ‘তথ্য প্ৰযুক্তি আইন’ৰ ধাৰা ৬৭ আৰু ৬৭এ, ‘ভাৰতীয় দণ্ডবিধি’ৰ ধাৰা ২৯২, আৰু ‘মহিলাৰ অশালীন প্ৰতিৰূপায়ণ (নিষিদ্ধকৰণ) আইন, ১৯৮৬’-ৰ ধাৰা ৪ উলংঘা কৰাৰ তথ্য সাব্যস্ত হয়।

 

 

গুৰুত্বপূৰ্ণ দৰ্শক

‘অ'টিটি এপ’সমূহৰ এটাত ১ কোটিতকৈয়ো অধিক ‘ডাউনলোড’ৰ তথ্য লাভ কৰাৰ উপৰি আন দুটাৰ ‘গুগল প্লে’ ষ্টোৰ’ত ৫০ লাখতকৈয়ো অধিক ‘ডাউনলোড’ৰ তথ্য পোৱা গৈছে। ইয়াৰ উপৰিও, এই ‘অ'টিটি প্লেটফৰ্ম’সমূহে ট্ৰেইলাৰ, নিৰ্দিষ্ট দৃশ্য, আৰু বাহ্যিক লিংক প্ৰচাৰ কৰিবলৈ ‘সামাজিক মাধ্যম’ৰ ব্যাপক ব্যৱহাৰ কৰিছিল, যাৰ উদ্দেশ্য আছিল দৰ্শকসকলক তেওঁলোকৰ ৱে’বছাইট আৰু এপবোৰলৈ আকৰ্ষিত কৰা। সংশ্লিষ্ট ‘অ'টিটি প্লেটফৰ্ম’ৰ সামাজিক মাধ্যমৰ একাউণ্টবোৰত ৩২ লাখতকৈয়ো অধিক অনুসৰণকাৰী আছিল।

 

 

 

 

সামাজিক মাধ্যম প্লেটফৰ্ম

একাউণ্টৰ সংখ্যা

 

ফেচবুক

১২

ইনষ্টাগ্ৰাম

১৭

এক্স(আগৰ টুইটাৰ)

১৬

ইউ টিউব

১২

 

 

 

 

 

 

 

 

 

 

'টিটি প্লেটফৰ্মৰ সৈতে নিৰন্তৰ ব্যস্ততা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সভা, ৱে’বিনাৰ, কৰ্মশালা আদিৰ জৰিয়তে ‘তথ্য-প্ৰযুক্তি অধিনিয়ম, ২০২১’-ৰ অধীনত স্থাপিত ‘অ'টিটি প্লেটফৰ্ম’ আৰু তেওঁলোকৰ ‘স্ব-নিয়ন্ত্ৰক সংস্থা’সমূহৰ সৈতে নিৰন্তৰভাৱে সচেতনতা সৃষ্টিৰ প্ৰচেষ্টা চলাই আহিছে।

ভাৰত চৰকাৰে ‘অটিটি উদ্যোগ’ৰ প্ৰগতি আৰু বিকাশত উদগনি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। এই সন্দৰ্ভত কেবাটাও ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ ভিতৰত আছে ভাৰতৰ ‘৫৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত ‘ৱে’ব চিৰিজ’-ৰ বাবে ‘উদ্বোধনী অ'টিটি বঁটা’ প্ৰৱৰ্তন, সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত ‘অ'টিটি প্লেটফৰ্ম’ৰ সৈতে সহযোগিতা, আৰু ‘তথ্য প্ৰযুক্তি অধিনিয়ম, ২০২১’-ৰ অধীনত স্ব-নিয়ন্ত্ৰণত গুৰুত্ব দি এক লঘু নিয়ামক পৰিকাঠামো স্থাপন।

****

Saurabh Singh/KB



(Release ID: 2014539) Visitor Counter : 125