প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

“ভাৰত-‘ইএফটিএ’ বাণিজ্য তথা অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি”য়ে অৰ্থনৈতিক প্ৰগতি ত্বৰান্বিত কৰাৰ লগতে যুৱ প্ৰজন্মৰ বাবে সুযোগ সৃষ্টিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰিব: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 10 MAR 2024 8:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি “ভাৰত-‘ইএফটিএ’ বাণিজ্য তথা অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি” স্বাক্ষৰিত হোৱা কাৰ্যক আদৰণি জনায়।

চুক্তিখন স্বাক্ষৰিত কৰা উপলক্ষে তেওঁ এটি বাৰ্তাও সহভাগ কৰে।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীযুষ গোৱেলে ‘এক্স’-ত কৰা এক ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই কয়:

"ভাৰত-‘ইএফটিএ’ বাণিজ্য তথা অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি স্বাক্ষৰিত হোৱাত আনন্দিত হৈছোঁ। এই যুগান্তকাৰী চুক্তিখনে অৰ্থনৈতিক প্ৰগতি ত্বৰান্বিত কৰাৰ লগতে আমাৰ যুৱপ্ৰজন্মৰ বাবে সুযোগ সৃষ্টিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাতো গুৰুত্ব আৰোপ কৰিব। আমি যিহেতু ‘ইএফটিএ’ ৰাষ্ট্ৰসমূহৰ সৈতে আমাৰ সম্পৰ্ক শক্তিশালী কৰিম, সেয়ে, আগন্তুক সময়ে অধিক সমৃদ্ধি আৰু পাৰস্পৰিক বিকাশৰ গতি ত্বৰান্বিত কৰিব।"

 

***

DS/KB


(रिलीज़ आईडी: 2013618) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam