প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৩-২৪ৰ তৃতীয় ত্ৰৈমাসিকত ৮.৪%জিডিপি বৃদ্ধিয়ে ভাৰতীয় অৰ্থনীতিৰ শক্তি আৰু ইয়াৰ সম্ভাৱনাক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 29 FEB 2024 8:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২৩-২৪ৰ তৃতীয় ত্ৰৈমাসিকত ৮.৪% জিডিপি বৃদ্ধিয়ে ভাৰতীয় অৰ্থনীতিৰ শক্তি আৰু ইয়াৰ সম্ভাৱনাক প্ৰদৰ্শন কৰিছে। তেওঁ লগতে দোঁহাৰে যে অৰ্থনীতিৰ বিকাশ দ্ৰুত কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব, যাতে ১৪০ কোটি ভাৰতীয়ই এক উন্নত জীৱন যাপন কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়িব পাৰে।

টুইটাৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“২০২৩-২৪ৰ তৃতীয় ত্ৰৈমাসিকত ৮.৪%জিডিপি বৃদ্ধিয়ে ভাৰতীয় অৰ্থনীতিৰ শক্তি আৰু ইয়াৰ সম্ভাৱনাক প্ৰদৰ্শন কৰিছে। অৰ্থনীতিৰ বিকাশ দ্ৰুত কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব, যাতে ১৪০ কোটি ভাৰতীয়ই এক উন্নত জীৱন যাপন কৰাৰ লগতে এখন বিকশিত ভাৰত গঢ়িব পাৰে!”

********

DS/ST/DB


(रिलीज़ आईडी: 2011249) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , Punjabi , Telugu , Tamil , Kannada , Bengali , Odia , Malayalam , Manipuri , Gujarati , English , Urdu , Marathi