তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

"মেৰা পেহলা ভোট দেশ কে লিয়ে" অভিযানত অংশগ্ৰহণ কৰিবলৈ জনতাক আমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

প্ৰচাৰ অভিযানৰ শীৰ্ষ সংগীত মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে

Posted On: 27 FEB 2024 4:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিৰ্বাচনী প্ৰক্ৰিয়াত জনতাৰ  অধিক অংশগ্ৰহণ নিশ্চিত কৰি তোলাৰ বাবে আহ্বান জনায় আৰু প্ৰথমবাৰৰ বাবে  ভোটদান কৰিবলগীয়া ভোটাৰসকলৰ মাজত "মেৰা পেহলা ভোট দেশ কে লিয়ে"ৰ বাৰ্তা প্ৰচাৰৰ অভিযানত  চামিল হ’বলৈ সমাজৰ  সকলো শ্ৰেণীৰ  লোকক আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা  এটা পোষ্টৰ জৰিয়তে তেওঁৰ এই বিশেষ বাৰ্তাৰ কথা দেশবাসীক অবগত কৰে।  ইয়াৰ পূৰ্বে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে এক্স-ত #MeraPehlaVoteDeshKeLiye প্ৰচাৰ অভিযানৰ শীৰ্ষ সংগীতটি মুকলি কৰে। এই প্ৰচাৰৰ উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক তেওঁলোকৰ ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰা।

প্ৰচাৰ অভিযানৰ শীৰ্ষ সংগীতটি তলৰ লিংকত চাব পাৰিব:

https://youtu.be/JuUkj5VVGZo

এক্স-ত সংগীতটিৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয়:

"আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে তেওঁৰ শেহতীয়া মন কি বাত অনুষ্ঠানৰ  ভাষণত এক বিশেষ আহ্বান জনাইছিল । দেশে  গণতন্ত্ৰৰ আটাইতকৈ বৃহৎ উৎসৱ উদযাপনৰ বাবে সাজু হোৱাৰ সময়ত, মই আপোনালোক সকলোকে #MeraPehlaVoteDeshKeLiye অভিযানত যোগদান কৰিবলৈ আৰু যুৱ ভোটাৰসকলক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত  উৎসাহিত কৰিবলৈ আহ্বান জনাইছো।"

 #MeraPehlaVoteDeshKeLiye ৰ গীতটি টিউন কৰক আৰু ইয়াক সকলোৰে মাজত বিয়পাই দিয়ক

আমি আমাৰ নিজস্ব ধৰণেৰে আৰু  নিজা শৈলীৰে প্ৰচাৰ অভিযানটো আগুৱাই নিওঁ আহক ।

আহক আমি এই দায়িত্ব কান্ধ পাতি লওঁ  আৰু আমাৰ সামূহিক কণ্ঠস্বৰৰ শক্তিক অনলাইনত @mygovindia আৰু মহাবিদ্যালয়সমূহত অনুৰণিত কৰো!

প্ৰচাৰ অভিযানৰ এই  সংগীতটো হৈছে ভোটাৰ সজাগতাৰ দিশত ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰা  এক অনন্য  প্ৰয়াস। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 'মন কি বাত' ৰ ভাষণত এই  প্ৰচাৰ অভিযানৰ  সন্দৰ্ভত কৈছিল  যে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলক বৃহৎ সংখ্যাত নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবেই  এনে ধৰণৰ  প্ৰচাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ লগতে কৈছিল যে আবেগ আৰু  শক্তিৰে পৰিপূৰ্ণ  যুৱ শক্তিকলৈ ভাৰত   গৌৰৱান্বিত তথা যুৱসকলে নিৰ্বাচনী প্ৰক্ৰিয়াত যিমানে অধিক সংখ্যাত অংশগ্ৰহণ কৰিব সিমানেই দেশৰ বাবে  এক ভাল ফলাফল আশা কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰীয়ে লগতে কৈছিল যে অষ্টাদশ লোকসভা যুৱসকলৰ আশা-আকাংক্ষাৰ প্ৰতীক হ'ব আৰু ইয়াৰ ফলত যুৱ ভোটাৰসকলৰ গুৰুত্বও বহুগুণে বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ সৈতে জড়িতসকলৰ লগতে ছবি উদ্যোগৰ পৰা সাহিত্য  তথা অন্যান্য ক্ষেত্ৰৰে জড়িত লোকসকলকো এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলক অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনাইছিল।

 

 



(Release ID: 2009526) Visitor Counter : 76