প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১০ ফেব্ৰুৱাৰীত ‘বিকশিত ভাৰত বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য গৃহ আঁচনিৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মাণ কৰা ১.৩ লাখ গৃহ উদ্বোধন আৰু ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 09 FEB 2024 5:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে ১০ ফেব্ৰুৱাৰী, ২০২৪ৰ দুপৰীয়া ১ বজাত ‘বিকশিত ভাৰত বিকশিত গুজৰাট’ কাৰ্যসূচীত ভাষণ আগবঢ়াব। অনুষ্ঠান উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু অন্যান্য গৃহ আঁচনিৰ অধীনত সমগ্ৰ গুজৰাটত নিৰ্মাণ কৰা ১.৩ লাখ গৃহ উদ্বোধন আৰু ভূমি পূজন কৰিব।

এই কাৰ্যসূচী গুজৰাটৰ সকলো জিলাৰ ১৮০টাতকৈ অধিক স্থানত আয়োজন কৰা হৈছে। ইয়াৰ মুল কাৰ্যসূচী বানছকন্ঠ জিলাত অনুষ্ঠিত হ’ব। ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত গহ আঁচনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনি হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় জনপ্ৰতিনিধিসকলে যোগদান কৰিব।

***

DS/LP/DB


(ৰিলিজ আই ডি : 2004924) অতিথি কক্ষ : 151