প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰেষ্ঠ গোলকীয় সংগীতৰগ্ৰেমী বঁটা লাভ কৰা বাবে ওস্তাদ জাকিৰ হুছেইন আৰু অন্যান্যসকলক অভিনন্দন জনাইছে

प्रविष्टि तिथि: 05 FEB 2024 2:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'শ্ৰেষ্ঠ গোলকীয় সংগীত'ৰ গ্ৰেমী বঁটা লাভ কৰা বাবে সংগীতজ্ঞ ওস্তাদ জাকিৰ হুছেইন, ৰাকেশ চৌৰাছিয়া, শংকৰ মহাদেৱন, চেলভাগণেশ ভি আৰু গণেশ ৰাজগোপালনক অভিনন্দন জ্ঞাপন কৰে।

তেওঁলোকৰ বেণ্ড 'শক্তি', এক ফিউজন সংগীত গোটে 'দিচ মোমেন্ট'ৰ বাবে এই সন্মানীয় বঁটা লাভ কৰিছে।

তেওঁ কয় যে তেওঁলোকৰ ব্যতিক্ৰমী প্ৰতিভা আৰু সংগীতৰ প্ৰতি সমৰ্পণে বিশ্বজুৰি হৃদয় জয় কৰিছে, যাৰ ফলত ভাৰত গৌৰৱান্বিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"গ্ৰেমীত অভূতপূৰ্ব সফলতাৰ বাবে জাকিৰ হুছেইন, ৰাকেশ চৌৰাছিয়া, শংকৰ মহাদেৱন, চেলভাগণেশ ভি আৰু গণেশ ৰাজাগোপালন,আপোনালোকক অভিনন্দন! সংগীতৰ প্ৰতি আপোনালোকৰ ব্যতিক্ৰমী প্ৰতিভা আৰু সমৰ্পণে বিশ্বজুৰি হৃদয় জয় কৰিছে। ভাৰত গৌৰৱান্বিত! এই সফলতা আপোনালোকে কৰি থকা কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ। ই নতুন প্ৰজন্মৰ শিল্পীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সংগীতত উৎকৃষ্ট হ'বলৈ অনুপ্ৰাণিত কৰিব।"

***

DS/RT/MK/ID


(रिलीज़ आईडी: 2002600) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Tamil , English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Telugu , Malayalam