বিত্ত মন্ত্ৰালয়

সুবিধা আৰু সেৱাৰ মানদণ্ডৰ ভিত্তিত বিশেষ পৰ্যটন কেন্দ্ৰসমূহক ৰেটিং দিয়াৰ বাবে এটা কাঠামো নিৰ্ধাৰণ কৰা হ’ব: কেন্দ্ৰীয় বিত্তমন্ত্ৰী

বিশেষ পৰ্যটন কেন্দ্ৰসমূহৰ উন্নয়নৰ সৈতে জড়িত বিত্তীয় সাহায্যৰ বাবে ৰাজ্যসমূহক দীৰ্ঘম্যাদী সুতমুক্ত ঋণ প্ৰদান কৰা হ’ব

লাক্ষাদ্বীপকে ধৰি বিভিন্ন দ্বীপত আৰম্ভ হ’ব বন্দৰ সংযোগ, পৰ্যটনৰ আন্তঃগাঁথনি আৰু সুবিধাসমূহৰ বাবে প্ৰকল্প

Posted On: 01 FEB 2024 12:46PM by PIB Guwahati

আজি লোকসভাত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰি বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত’ৰ দৃষ্টিভংগী আহৰণ কৰিবলৈ পৰ্যটন কেন্দ্ৰসমূহৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বিশেষ পৰ্যটন কেন্দ্ৰ

শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে ৰাজ্যসমূহক বিশেষ পৰ্যটন কেন্দ্ৰসমূহৰ সামগ্ৰিক উন্নয়ন, ইয়াৰ ব্ৰেণ্ডিং আৰু বিশ্ব পৰ্যায়ত প্ৰচাৰৰ বাবে উৎসাহিত কৰা হ’ব। ইয়াৰ সৈতে জড়িত উন্নয়নমূলক কাম-কাজৰ বিত্তীয় সাহায্যৰ বাবে ৰাজ্যসমূহক দীৰ্ঘম্যাদী সুতমুক্ত ঋণ প্ৰদান কৰা হ’ব বুলিও তেওঁ কয়। এই কেন্দ্ৰসমূহৰ সামগ্ৰিক উন্নয়নক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পৰ্যটন কেন্দ্ৰসমূহৰ ৰেটিঙৰ বাবে এক কাঠামো নিৰ্ধাৰণ কৰা হ’ব, যিটো সুবিধা আৰু সেৱাৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি কৰা হ’ব।

ঘৰুৱা পৰ্যটন

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীটোৱেও এতিয়া ভ্ৰমণ আৰু নতুন নতুন ঠাই আৱিষ্কাৰ কৰাৰ আকাংক্ষা কৰিছে; আৰু পৰ্যটনৰ ক্ষেত্ৰত স্থানীয় উদ্যোগীকৰণৰ যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ ভিতৰত আধ্যাত্মিক পৰ্যটনো অন্তৰ্ভুক্ত।

তেওঁ কয় যে ঘৰুৱা পৰ্যটনক প্ৰসাৰিত কৰিবলৈ লাক্ষাদ্বীপকে ধৰি বিভিন্ন দ্বীপত বন্দৰ সংযোগ, পৰ্যটনৰ আন্তঃগাঁথনি আৰু সা-সুবিধাৰ সৈতে জড়িত প্ৰকল্পৰ কাম চলি আছে। ইয়াৰ দ্বাৰা কৰ্মসংস্থাপন সৃষ্টিত সহায়ক হ’ব।

ঘৰুৱা পৰ্যটনৰ উপৰিও ভাৰতৰ বৈচিত্ৰ্যই বিশ্ব পৰ্যটককো আকৰ্ষণ কৰে। এই সন্দৰ্ভত শ্ৰীমতী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত কয় যে ৬০টা স্থানত জি-২০ বৈঠকৰ সফল আয়োজনে বিশ্ব পৰ্যটকৰ সন্মুখত ভাৰতৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰিছে। ইয়াৰ উপৰিও ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাই ইয়াক ব্যৱসায়িক আৰু সন্মিলনৰ সৈতে জড়িত পৰ্যটনৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থান কৰি তুলিছে।

**********

 

YKB/NB/MV/SK



(Release ID: 2001802) Visitor Counter : 45