বিত্ত মন্ত্ৰালয়

আমাৰ যুৱক-যুৱতীসকলে ক্ৰীড়াত সাফল্যৰ নতুন শিখৰত আৰোহণ কৰাত দেশ গৌৰৱান্বিত: কেন্দ্ৰীয় বিত্তমন্ত্ৰী

বাজেটত যুৱক-যুৱতীসকলৰ বাবে এক লাখ কোটি টকাৰ কৰ্পাছ ধাৰ্য কৰাৰ প্ৰস্তাৱ দিয়া হৈছে

আমাৰ প্ৰযুক্তিপ্ৰখৰ যুৱক-যুৱতীসকলৰ বাবে এয়া হ’ব এক সোণালী যুগ: নিৰ্মলা সীতাৰমণ

Posted On: 01 FEB 2024 12:42PM by PIB Guwahati

আজি সংসদত বিস্তৃত অন্তৱৰ্তীকালীন বাজেট ২০২৪-২৫ত ‘সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস’ মন্ত্ৰৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে আমাৰ যুৱক-যুৱতীসকলে ক্ৰীড়াক্ষেত্ৰত সাফল্যৰ নতুন শিখৰত আৰোহণ কৰাত দেশ গৌৰৱান্বিত।

ক্ৰীড়াত যুৱক-যুৱতীৰ সাফল্য

এছিয়ান গেমছত ভাৰতৰ কৃতিত্ব সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয় যে “এছিয়ান গেমছ, আৰু ২০২৩ চনৰ এছিয়ান পেৰা গেমছত এতিয়ালৈকে সৰ্বাধিক পদকৰ সংখ্যাই আমাৰ দেশৰ যুৱ সমাজৰ উচ্চ আত্মবিশ্বাসৰ স্তৰ প্ৰতিফলিত কৰে”। বাজেট ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দবাৰ বিষ্ময়কৰ প্ৰতিভা তথা আমাৰ এক নম্বৰ ৰেংকিঙৰ খেলুৱৈ প্ৰাগনানন্দাই ২০২৩ চনত বৰ্তমানৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনৰ বিৰুদ্ধে কঠোৰ যুঁজ দিছিল। দবাত ভাৰতৰ সফলতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে “ভাৰতত ২০১০ চনত আছিল প্ৰায় ২০ গৰাকী গ্ৰেণ্ডমাষ্টাৰ, পিছে আজিৰ ভাৰতত আছে ৮০ ৰো অধিক দবা গ্ৰেণ্ডমাষ্টাৰ”।

 

প্ৰযুক্তিপ্ৰখৰ যুৱ সমাজৰ বাবে কৰ্পাছ

নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ সময়ত পঞ্চাশ বছৰৰ সুতমুক্ত ঋণেৰে এক লাখ কোটি টকাৰ এক কৰ্পাছ স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়। এই কৰ্পাচে দীঘলীয়া সময়ৰ বাবে আৰু নিম্ন বা শূন্য সূতৰ হাৰৰ সৈতে দীৰ্ঘম্যাদী বিত্তীয় বা পুনঃবিত্তীয় যোগান ধৰিব। তেওঁ কয় যে আমাৰ প্ৰযুক্তিপ্ৰখৰ বা টেক-ছেভী যুৱক-যুৱতীসকলৰ বাবে এইটো এটা সোণালী যুগ হ’ব আৰু তাৰ বাবে আমাৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাব পৰা কাৰ্যসূচী থকাৰ প্ৰয়োজনীয়তা আছে। নিৰ্মলা সীতাৰমণে গুৰুত্বসহকাৰে লগতে কয় যে এই কৰ্পাছে ব্যক্তিগত খণ্ডক উদীয়মান আৰু সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰবোৰত গৱেষণা আৰু উদ্ভাৱনক যথেষ্ট বৃদ্ধি কৰিবলৈ উৎসাহিত কৰিব।

****

YKB/NB/MV/SK



(Release ID: 2001800) Visitor Counter : 42