বিত্ত মন্ত্ৰালয়

'অমৃত কাল'ৰ বাবে ৰণনীতি নিৰ্ধাৰণ কৰিলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে

সময়মতে পৰ্যাপ্ত বিত্ত, প্ৰাসঙ্গিক প্ৰযুক্তি আৰু এমএছএমইৰ বাবে উপযুক্ত প্ৰশিক্ষণ- চৰকাৰে দিছে নীতিগত অগ্ৰাধিকাৰ

উচ্চ আৰু অধিক দক্ষ অৰ্থনৈতিক বিকাশৰ বাবে চৰকাৰ; লগতে শক্তি সুৰক্ষাৰ দিশত কৰা হৈছে কাম


চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ বাবে 'সংস্কাৰ আৰু পৰিৱৰ্তন'ৰ নীতিৰে ৰাজ্য চৰকাৰৰ সৈতে সহমত গঢ়ি তুলিব

Posted On: 01 FEB 2024 12:50PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি অন্তৱৰ্তীকালীন বাজেট ভাষণত  'অমৃত কাল'ৰ ৰণনীতিৰ কথাউল্লেখ কৰে। আজি সংসদত ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰাৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ চৰকাৰৰ বাবে সময়মতে আৰু পৰ্যাপ্ত বিত্ত, প্ৰাসংগিক প্ৰযুক্তি আৰু সূক্ষ্ম, ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগসমূহৰ (এমএছএমই) বিকাশৰ  আৰু লগতে বিশ্বব্যাপী প্ৰতিযোগিতাৰ বাবে উপযুক্ত প্ৰশিক্ষণ নিশ্চিত কৰাটো এক গুৰুত্বপূৰ্ণ নীতিগত অগ্ৰাধিকাৰ।এইবোৰৰ বিকাশৰ সুবিধাৰ বাবে নিয়ামক পৰিৱেশ সৃষ্টি কৰাটো  এই নীতিৰ এক গুৰুত্বপূৰ্ণ উপাদান হ'ব।"

মন্ত্ৰীগৰাকীয়ে কয়, "পঞ্চমৃত'ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে উচ্চ আৰু অধিক দক্ষতাৰে  অৰ্থনৈতিক বিকাশ বজাই আগুৱাই নিয়াত সহায় কৰিব।" তেওঁ উল্লেখ কৰে যে ই উপলব্ধতা, অভিগম্যতা আৰু সামৰ্থ্যৰ ক্ষেত্ৰত শক্তি সুৰক্ষাৰ দিশত বিশেষভাবে কাম কৰিব।

শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে যে 'সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ' নীতিৰ দ্বাৰা নিৰ্দেশিত নীতিৰে পৰিচালিত হৈ  চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰিব আৰুসেইবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ৰাজ্য তথা  অংশীদাৰসকলৰ সৈতে সহমত গঢ়ি তুলিব।

তেওঁ কয়, "আমাৰ চৰকাৰে অৰ্থনৈতিক নীতি গ্ৰহণ কৰিব যি বিকাশক উৎসাহিত আৰু ত্বৰান্বিত কৰিব,  সামগ্ৰিক আৰু বহনক্ষম উন্নয়নৰ সুবিধা প্ৰদান কৰিব, উৎপাদনশীলতা উন্নত কৰিব, সকলোৰে বাবে সুযোগ সৃষ্টি কৰিব, তেওঁলোকক তেওঁলোকৰ সামৰ্থ্ৰ বিকাশ  কৰাত সহায় কৰি  আৰু বিনিয়োগৰ শক্তি তথা  আকাংক্ষা পূৰণত  অৰিহণা যোগাব।"

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিনিয়োগৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে ক্ষমতা, দক্ষতা আৰু নিয়ামক পৰিকাঠামোৰ ক্ষেত্ৰত বিত্তীয় খণ্ডক প্ৰস্তুত সহায়  কৰিব।



(Release ID: 2001786) Visitor Counter : 44