বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ‘বিকশিত ভাৰত’ৰ দৃষ্টি বাস্তৱায়িতকৰণৰ বাবে অমৃতকালক কৰ্তব্য কাল হিচাপে গণ্যত গুৰুত্ব আৰোপ কৰে

অৰ্থনৈতিক ব্যৱস্থাপনা আৰু সুশাসনৰ জৰিয়তে ২০১৪ৰ-পূৰ্বৰ প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰা হৈছেঃ বিত্তমন্ত্ৰী

জুলাইৰ সম্পূৰ্ণ বাজেটত ‘বিকশিত ভাৰত’ৰ অনুসৰণেৰে চৰকাৰে বিশদ ৰূপৰেখা দাঙি ধৰিব

‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ ৰাজ্যসমূহলৈ ৭৫,০০০ কোটি টকা মূল্যৰ ৫০ বছৰৰ সুত বিহীন ঋণ

দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু জনগাঁথনিগত পৰিৱৰ্তন সৃষ্ট প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন কমিটি

চৰকাৰে আকাংক্ষী জিলা আৰু ব্লকসমূহৰ দ্ৰুত উন্নয়নত সহায় কৰিব

পূৰ্বাঞ্চল আৰু ইয়াৰ জনসাধাৰণক ভাৰতৰ বিকাশৰ চালিকাশক্তি হিচাপে গঢ়ি তোলাত চৰকাৰে সৰ্বাধিক মনোযোগ প্ৰদান কৰিব

Posted On: 01 FEB 2024 12:37PM by PIB Guwahati

আজি সংসদত ২০২৪-২০২৫ৰ অন্তৱৰ্তীকালীন বাজেট দাখিলৰ সময়ত কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নেতৃত্ব আৰু ভাৰতৰ প্ৰগতিত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোকপাতেৰে ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ অমৃত কালক কৰ্তব্য কাল হিচাপে গণ্য কৰাত গুৰুত্ব আৰোপ কৰে।

কৰ্তব্য কাল হিচাপে অমৃত কাল

মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অধিক বৃদ্ধিৰে অৰ্থনীতিক সুদৃঢ়কৰণ আৰু সম্প্ৰসাৰণৰ লগতে জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীমতী সীতাৰমনে প্ৰধানমন্ত্ৰীৰ উদ্ধৃতিৰে কয়, “আমি ৰাষ্ট্ৰৰ উন্নয়ন সাধনৰ বাবে সংকল্পবদ্ধ হৈছোঁ।নতুন প্ৰেৰণা, নতুন চেতনা, নতুন সংকল্পৰে দেশখনে অপৰিসীম সম্ভাৱনা আৰু সুযোগ প্ৰশস্ত কৰিছে।” তেওঁ কয়,এয়া সঁচাকৈয়ে আমাৰ ‘কৰ্তব্য কাল’।

                                                                     

২০১৪ৰ পূৰ্বৰ প্ৰতিটো প্ৰত্যাহ্বান অৰ্থনৈতিক ব্যৱস্থাপনা আৰু সুশাসনৰ জৰিয়তে অতিক্ৰম কৰা হৈছে বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয়, “এই ব্যৱস্থাৰাজিয়ে দেশখনক নিৰন্তৰভাৱে অধিক বৃদ্ধিৰ এক সংকল্পবদ্ধ পথত উপৱিষ্ট কৰোৱাইছে। আমাৰ সঠিক নীতি, প্ৰকৃত উদ্দেশ্য আৰু উপযুক্ত সিদ্ধান্তৰ জৰিয়তে এয়া সম্ভৱ হৈছে।”

শ্ৰীমতী সীতাৰমনে লগতে কয়, “জুলাইৰ সম্পূৰ্ণ বাজেটত আমাৰ চৰকাৰে ‘বিকশিত ভাৰত’ৰ অনুসৰণেৰে এক বিশদ ৰূপৰেখা দাঙি ধৰিব।”

‘বিকশিত ভাৰত’ৰ বাবে ৰাজ্যসমূহৰ সংস্কাৰ সাধন

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ বাবে ৰাজ্যসমূহৰ বৃদ্ধি আৰু উন্নয়ন প্ৰশস্তকাৰী সংস্কাৰ সাধনৰ প্ৰয়োজন আছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহলৈ পয়সত্তৰ হাজাৰ কোটি টকা পঞ্চাশ বছৰৰ সুতমুক্ত ঋণ হিচাপে ঘোষণা কৰে।

দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্ট প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাৰ অৰ্থে উচ্চ ক্ষমতাসম্পন্ন কমিটিৰ পোষকতা কৰা হৈছে।

শ্ৰীমতী সীতাৰমনে কয় যে দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু জনগাঁথনিগত পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাৰ বাবে চৰকাৰে এখন উচ্চ ক্ষমতাসম্পন্ন কমিটি গঠন কৰিব। ‘বিকশিত ভাৰত’ৰ লক্ষ্য সম্পৰ্কত এই প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাৰ উপায় সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ কমিটিখনক দায়িত্ব প্ৰদান কৰা হ’ব বুলিও তেওঁ লগতে কয়।

আকাংক্ষী জিলা আৰু ব্লকসমূহৰ উন্নয়ন

শ্ৰীমতী নিৰ্মলা সীতাৰমনে কয়, ‘আকাংক্ষী জিলা কাৰ্য্যসূচী’ৰ জৰিয়তে চৰকাৰে ৰাজ্যসমূহক আকাংক্ষী জিলা আৰু ব্লকসমূহৰ দ্ৰুত উন্নয়নত সহায় কৰিবলৈ সাজু হৈছে, এই ক্ষেত্ৰত ব্যাপক  অৰ্থনৈতিক সুযোগ সৃষ্টিও অন্তৰ্ভুক্ত হৈছে।

পূবৰ উন্নয়ন

পূবৰ উন্নয়নত চৰকাৰৰ মনোযোগ সম্পৰ্কে গুৰুত্ব আৰোপেৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয় যে পূৰ্বাঞ্চল আৰু ইয়াৰ জনসাধাৰণক ভাৰতৰ বিকাশৰ চালিকাশক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব।

***

YB/NB/SK/VN/MKT/SB



(Release ID: 2001531) Visitor Counter : 78