ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰক সম্বোধন কৰি দিয়া ভাষণ

Posted On: 25 JAN 2024 7:42PM by PIB Guwahati

মোৰ মৰমৰ দেশবাসী,

নমস্কাৰ!

৭৫ সংখ্যক গণৰাজ্য  দিৱসৰ প্ৰাকমুহূৰ্তত মই আপোনালোক সকলোকে উষ্ম শুভেচ্ছা জনাইছো। যেতিয়া মই পিছলৈ ঘূৰি চাওঁ  তেতিয়া এয়া দেখি মোৰ হৃদয় গৌৰৱেৰে ভৰি পৰে যে বহু প্ৰতিকূলতাৰ মাজতে আমি কেনেদৰে আগুৱাই গৈছো। আমাৰ গণৰাজ্যৰ পয়সত্তৰ  বছৰটো বহুক্ষেত্ৰত দেশৰ এই যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি স্বৰূপ। স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পৰতে 'আজাদী কা অমৃত মহোৎসৱ'ৰ সময়ত আমি আমাৰ দেশৰ অতুলনীয় মহানতা আৰু বৈচিত্ৰ্যময় সংস্কৃতি উদযাপন কৰাৰ  এক বিশেষ উপলক্ষ্য এয়া।
কাইলৈ আমি সংবিধানৰ আৰম্ভণিৰ দিনটো উদযাপন কৰিম। সংবিধানৰ প্ৰস্তাৱনা "আমি, ভাৰতৰ জনসাধাৰণ" শব্দৰে আৰম্ভ হয়। এই শব্দবোৰেই আমাৰ সংবিধানৰ মূল নীতি, অৰ্থাৎ ই গণতন্ত্ৰক সূচায়। ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা গণতন্ত্ৰৰ পশ্চিমীয়া ধাৰণাতকৈ বহু পুৰণি। সেইকাৰণে ভাৰতক "গণতন্ত্ৰৰ মাতৃ" বুলি কোৱা হয়।

এক দীঘলীয়া আৰু কঠোৰ সংগ্ৰামৰ পিছত ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ বিদেশী শাসনৰ পৰা মুক্ত হৈছিল। সেই সময়তে  দেশত সুশাসনৰ বাবে উপযুক্ত মৌলিক নীতি আৰু প্ৰক্ৰিয়াবোৰক ৰূপ প্ৰদান কৰি   দেশবাসীৰ অন্তৰ্নিহিত ক্ষমতা তথা প্ৰতিভাৰ সদব্যৱহাৰৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল।  । 
 সেই প্ৰক্ৰিয়া নিৰবধি  চলি আছিল। সংবিধান সভাই প্ৰায় তিনি বছৰ ধৰি সুশাসনৰ সকলো দিশৰ ওপৰত বিতংভাৱে আলোচনা কৰিছিল আৰু আমাৰ ৰাষ্ট্ৰৰ আধাৰশিলা স্বৰূপ  ভাৰতৰ সংবিধান  প্ৰস্তুত কৰিছিল। আজিৰ দিনটোত আমি সকলোৱে সেই দূৰদৰ্শী নেতা আৰু কৰ্মীসকলক কৃতজ্ঞতাৰে স্মৰণ কৰোঁ, যিসকলে আমাৰ বিশাল আৰু অনুপ্ৰেৰণাদায়ক সংবিধান প্ৰস্তুতত অমূল্য অৱদান আগবঢ়াইছিল। 

আমাৰ দেশ অমৃতকালৰ প্ৰাৰম্ভিক পৰ্যায়ৰ মাজেৰে গৈ আছে, দেশে স্বাধীনতাৰ শতবাৰ্ষিকীৰ দিশে আগবাঢ়িছে। এয়া  যুগান্তকাৰী পৰিৱৰ্তনৰ সময়। আমি আমাৰ দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ এটা সোণালী সুযোগ পাইছো। আমি আমাৰ লক্ষ্যত উপনীত হ’বলৈ   প্ৰতিজন নাগৰিকৰ অৱদান গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ইয়াৰ বাবে মই সকলো দেশবাসীক সংবিধানত সন্নিবিষ্ট আমাৰ মৌলিক কৰ্তব্যসমূহ পালন কৰিবলৈ অনুৰোধ জনাইছো। স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত  ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এই কৰ্তব্যসমূহ প্ৰতিজন নাগৰিকৰ অপৰিহাৰ্য দায়বদ্ধতা হিচাবে বিবেচিত হ’ব। এনেবোৰ  প্ৰসংগই মোক মহাত্মা গান্ধীৰ কথা মনত পেলাই দিয়া হৈছে। বাপুৱে সঠিককৈয়ে কৈছিল, " কোনো লোকেই কেৱল অধিকাৰ বিচৰিয়েই  উন্নতি কৰিবলৈ সক্ষম হোৱা নাই। কেৱল সেই সকল লোকহে উন্নতি কৰিবলৈ সক্ষম হৈছে যিসকলে  তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। "

মোৰ মৰমৰ দেশবাসী,

গণৰাজ্য দিৱস হৈছে আমাৰ মৌলিক মূল্যবোধ আৰু নীতিবোৰ মনত ৰখাৰ এক গুৰুত্বপূৰ্ণ উপলক্ষ্য। যেতিয়া আমি সেই মৌলিক নীতিবোৰৰ মাজৰে কোনো এটাৰ বিষয়ে  চিন্তা কৰোঁ, স্বাভাৱিকতে আন সকলো নীতিসমূহেও আমাৰ মনোযোগ আকৰ্ষণ কৰে। সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাৰ বৈচিত্ৰ্যই আমাৰ গণতন্ত্ৰক এক অন্তৰ্নিহিত মাত্ৰা প্ৰদান কৰিছে। আমাৰ বৈচিত্ৰ্যৰ এই উদযাপন ন্যায়ৰ দ্বাৰা সুৰক্ষিত, সমতাৰ ওপৰত আধাৰিত। এই সকলোবোৰ কেৱল স্বাধীনতাৰ পৰিৱেশতহে সম্ভৱ হয়। এই মূল্যবোধ আৰু নীতিসমূহৰ সামগ্ৰিকতা হৈছে আমাৰ ভাৰতীয়ত্বৰ আধাৰ। ড. বি.আৰ.  আম্বেদকাৰৰ আলোকসন্ধানী নিৰ্দেশনাত প্ৰবাহিত এই  মূল্যবোধ আৰু নীতিসমূহৰ মূল সংবিধানৰ চেতনাই আমাক সকলো ধৰণৰ বৈষম্যৰ সমাপ্তিৰ বাবে সামাজিক ন্যায়ৰ স্থিতিত দৃঢ় কৰি ৰাখিছে।

মই উল্লেখ কৰিব বিচাৰো যে সামাজিক ন্যায়ৰ বাবে নিৰন্তৰ যুঁজ দি থকা শ্ৰী কৰ্পুৰী ঠাকুৰজীৰ জন্ম শতবাৰ্ষিকী উদযাপন কালি সমাপ্ত হৈছে। কৰ্পুৰীজী পিছপৰা শ্ৰেণীৰ এজন শ্ৰেষ্ঠ আগশাৰীৰ নেতা  আছিল যিয়ে সেইসকল লোকৰ কল্যাণৰ বাবে সমগ্ৰ  জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ জীৱন এটা বাৰ্তা আছিল।আমাৰ  ৰাজহুৱা জীৱন সমৃদ্ধ কৰাৰ বাবে মই কাৰ্পুৰীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

আমাৰ গণৰাজ্যৰ মৌলিক ভাবনাৰ  দ্বাৰা একত্ৰিত হৈ ১৪০  কোটিতকৈও অধিক ভাৰতীয়ই এটা পৰিয়াল হিচাপে বাস কৰিছে। এই পৃথিৱীৰ সৰ্ববৃহৎ পৰিয়ালটোৰ বাবে সহাৱস্থানৰ এনে মনোভাৱ ভূগোলে নিৰূপণ কৰা বিষয়  নহয়, ই  সামূহিক উল্লাসৰ এক প্ৰাকৃতিক উৎস, যি বোৰ কথাই আমাৰ গণৰাজ্য  দিৱস উদযাপনক অধিক মহীয়ান কৰি তুলিছে।

এই সপ্তাহৰ আৰম্ভণিতে  আমি সকলোৱে অযোধ্যাৰ ভগৱান শ্ৰী ৰামৰ জন্মস্থানত নিৰ্মিত বিশাল মন্দিৰত স্থাপন কৰা মূৰ্তিৰ ঐতিহাসিক অভিষেক অনুষ্ঠান প্ৰত্যক্ষ কৰিছো। ভৱিষ্যতে যেতিয়া এই ঘটনাটোক এক বহল দৃষ্টিকোণেৰে চোৱা হয়, বুৰঞ্জীবিদসকলে ইয়াক ভাৰতৰ সভ্যতাৰ, ঐতিহ্যৰ  এক যুগান্তকাৰী ঘটনা হিচাপে ব্যাখ্যা কৰিব। যথাযথ ন্যায়িক প্ৰক্ৰিয়া আৰু দেশৰ উচ্চতম ন্যায়ালয়ৰ
সিদ্ধান্তৰ পিছত মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। এয়া এতিয়া এটা বিশাল নিৰ্মাণৰ গাঁথনি হিচাপে থিয় হৈ আছে। এই মন্দিৰটোৱে কেৱল মানুহৰ বিশ্বাসেই প্ৰতিফলিত কৰা নাই, ই ন্যায়িক প্ৰক্ৰিয়াত আমাৰ দেশবাসীৰ গভীৰ বিশ্বাসৰো প্ৰমাণ দাঙি ধৰিছে। 

মৰমৰ নাগৰিকসকল,

আমাৰ ৰাষ্ট্ৰীয় উৎসৱবোৰ এনে কেতবোৰ  গুৰুত্বপূৰ্ণ অনুষ্ঠান যিবোৰৰ জড়িয়তে আমি অতীতৰ লগতে ভৱিষ্যতলৈও ঘূৰি চাওঁ। যোৱা গণৰাজ্য দিৱসৰ বছৰটোলৈ ঘূৰি চালে আমি অতি সুখী অনুভৱ কৰোঁ। ভাৰতৰ অধ্যক্ষতাত  দিল্লীত জি-২০ সন্মিলন সফলভাবে  অনুষ্ঠিত হৈছিল,  এক অভূতপূৰ্ব সাফল্য আছিল। জি-২০ৰ সৈতে সম্পৰ্কিত অনুষ্ঠানসমূহত জনসাধাৰণৰ অংশগ্ৰহণ বিশেষভাৱে লক্ষ্যণীয় আছিল। এই অনুষ্ঠানবোৰত ধাৰণা আৰু পৰামৰ্শসমূহ  ওপৰৰ পৰা তললৈ নহয়,  তলৰ পৰা ওপৰলৈ আছিল। সেই ধুনীয়া অনুষ্ঠানৰ পৰা লাভ কৰা শিক্ষা এয়াই যে সাধাৰণ নাগৰিকসকলকো ইমান গভীৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত অংশীদাৰ কৰিব পাৰি,  যিবোৰৰ আলমতে তেওঁলোকৰ নিজৰ ভৱিষ্যতকো প্ৰভাৱান্বিত কৰিব পাৰিব। জি-২০ সন্মিলনে বিশ্ব দক্ষিণৰ কণ্ঠস্বৰ হিচাপে ভাৰতৰ উত্থানক উৎসাহিত কৰিছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত এক অপৰিহাৰ্য উপাদান যোগ হৈছে।

যেতিয়া সংসদে ঐতিহাসিক মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল, তেতিয়াই আমাৰ দেশ লিংগ সমতাৰ আদৰ্শৰ দিশে আগবাঢ়িছিল। মই বিশ্বাস কৰোঁ যে 'নাৰী শক্তি বন্দন আইন' মহিলা সবলীকৰণৰ এক বৈপ্লৱিক মাধ্যম হিচাপে প্ৰমাণিত হ'ব। ই  আমাৰ শাসন প্ৰক্ৰিয়াক উন্নত কৰিব । সামূহিক গুৰুত্বপূৰ্ণ বিষয়ত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি হোৱাৰ লগে লগে আমাৰ প্ৰশাসনিক অগ্ৰাধিকাৰসমূহ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ সৈতে ভালদৰে সংযোজিত হ'ব। 

একে সময়তে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হৈছে । চন্দ্ৰযান-৩ৰ পিছত ইছৰোৱে এক সৌৰ অভিযান আৰম্ভ কৰে। শেহতীয়াকৈ আদিত্য এল১ক 'হেলো অৰ্বিট'ত সফলতাৰে স্থাপন কৰা হৈছে। ভাৰতে দেশ খনৰ প্ৰথম এক্স-ৰে পোলাৰিমিটাৰ উপগ্ৰহ উৎক্ষেপণৰ সৈতে নতুন বছৰটো আৰম্ভ কৰিছে, যাক এক্সপোজেট বুলি কোৱা হয়। এই উপগ্ৰহটোৱে মহাকাশৰ 'কৃষ্ণগহ্বৰ'ৰ ৰহস্যৰ বিষয়ে অধ্যয়ন কৰিব। ২০২৪ চনত আন কেইবাটাও মহাকাশ অভিযানৰ পৰিকল্পনা কৰা হৈছে। এয়া  সুখৰ বিষয় যে ভাৰতে মহাকাশ যাত্ৰাত বহু  নতুন সাফল্য অৰ্জন কৰিবলৈ অগ্ৰসৰ হৈছে। আমাৰ প্ৰথম মানৱ মহাকাশ যাত্ৰাৰ কাৰ্যসূচীৰ প্ৰস্তুতি, গগনযান মিছন সুচাৰুৰূপে আগবাঢ়িছে। আমি সদায়ে আমাৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ বাবে গৌৰৱান্বিত, তেওঁলোকে এতিয়া আগতকৈ অধিক উচ্চ লক্ষ্য সন্মুখত ৰাখিছে আৰু সেইবোৰৰ ফলাফলো লাভ কৰিছে। ভাৰতৰ মহাকাশ গৱেষণা কাৰ্যসূচীৰ উদ্দেশ্য হৈছে সমগ্ৰ মানৱ জাতিৰ   কল্যাণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা অধিক সম্প্ৰসাৰিত আৰু গভীৰ কৰা। ইছৰোৰ কাৰ্যসূচীৰ প্ৰতি দেশবাসীৰ ক্ষেত্ৰত যি উৎসাহ দেখা গৈছে , সেই কথাই নতুন আশাৰ সৃষ্টি কৰিছে। মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত নতুন সাফল্যই যুৱ প্ৰজন্মৰ কল্পনাশক্তিক নতুন ডেউকা প্ৰদান কৰিছে। মই নিশ্চিত যে আমাৰ শিশু আৰু যুৱপ্ৰজন্মই বিজ্ঞানৰ প্ৰতি ধাউতিৰ প্ৰৱণতা বিকশিত কৰাৰ লগতে এক বৈজ্ঞানিক মনোভাৱ বিকশিত কৰিব। মহাকাশ বিজ্ঞানৰ এই সাফল্যসমূহে যুৱসকলক, বিশেষকৈ যুৱতীসকলক বিজ্ঞান আৰু প্ৰযুক্তিক তেওঁলোকৰ কামৰ ক্ষেত্ৰ হিচাপে নিৰ্বাচন কৰিবলৈ অনুপ্ৰাণিত কৰিব।


মোৰ মৰমৰ দেশবাসী,

আজিৰ ভাৰতে আত্মবিশ্বাসেৰে আগবাঢ়িছে।  এই আত্মবিশ্বাসেই প্ৰতিফলিত কৰিছে এক শক্তিশালী আৰু সবল  অৰ্থনীতিক। শেহতীয়া বছৰবোৰত   প্ৰধান  অৰ্থনীতিবোৰৰ ভিতৰত জিডিপিত আমাৰ বিকাশৰ হাৰ সৰ্বাধিক হৈছে। সঠিক মূল্যায়নৰ ওপৰত আধাৰিত কৰি, আমি নিশ্চিত যে এই অসাধাৰণ প্ৰদৰ্শন ২০২৪  আৰু তাৰ পিছতো অব্যাহত থাকিব। এয়া  বিশেষভাৱে লক্ষ্যণীয় যে অৰ্থনীতিক গতি প্ৰদান কৰা সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ লগতে সকলো ক্ষেত্ৰতে বিকাশক অন্তৰ্ভুক্ত কৰাৰ অৰ্থে  সুচিন্তিত  কল্যাণকামী  পদক্ষেপো গ্ৰহণ কৰা হৈছে। মহামাৰীৰ দিনবোৰত, সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰাৰ বাবে ৰূপায়ণ কৰা আঁচনিৰ পৰিসৰ চৰকাৰে সম্প্ৰসাৰিত কৰিছে। পৰৱৰ্তী সময়ত এই কল্যাণমূলক আঁচনিবোৰে দুৰ্বল লোকসকলক সংকটৰ পৰা ওলাই অহাত সহায় কৰিবলৈ অব্যাহত ৰাখা হৈছে। এই প্ৰচেষ্টাক অধিক সম্প্ৰসাৰিত কৰি চৰকাৰে পৰৱৰ্তী পাঁচ বছৰৰ বাবে ৮১ কোটিৰো অধিক লোকক বিনামূলীয়া খাদ্যশস্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। সম্ভৱতঃ,  ইতিহাসত এয়াই  এনে ধৰণৰ সৰ্ববৃহৎ ৰাজহুৱা কল্যাণমূলক কাম।

একে সময়তে সকলো নাগৰিকৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ বাবে কেইবাখনো সময় সীমাবদ্ধ আঁচনি ৰূপায়ণ কৰা হৈছে। ঘৰত সুৰক্ষিত আৰু পৰ্যাপ্ত খোৱাপানীৰ উপলব্ধতাৰ পৰা আৰম্ভ কৰি  নিজৰ বাবে এটা  ঘৰ লাভৰ অভিজ্ঞতালৈকে, এই সকলোবোৰ মৌলিক নূন্যতম প্ৰয়োজনীয়তা এতিয়া পূৰণ কৰা হৈছে। এই বিষয়বোৰক যিকোনো ৰাজনৈতিক বা অৰ্থনৈতিক বিবেচনাৰ বাহিৰত ৰাখি কেৱল  মানৱীয় দৃষ্টিকোণৰ পৰা চোৱা উচিত। চৰকাৰে কেৱল ৰাজহুৱা কল্যাণমূলক আঁচনিবোৰ সম্প্ৰসাৰিত আৰু প্ৰচাৰ কৰাই নহয়, লগতে জনকল্যাণৰ ধাৰণাটোক এক নতুন অৰ্থ প্ৰদান কৰিছে। যিদিনা ভাৰতে কেইখনমান দেশৰ সৈতে একেলগে আগবাঢ়িব,  য'ত কোনো গৃহহীন লোক নাই,  তেতিয়া আমি সকলোৱে গৌৰৱান্বিত হ'ম। সামগ্ৰিক কল্যাণৰ এই চিন্তাধাৰাৰ সৈতে  বিভাজন দূৰ কৰিবলৈ আৰু সুবিধা বঞ্চিত শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ স্বাৰ্থত সমতাৰ ওপৰত ভিত্তি কৰি এক শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে 'ৰাষ্ট্ৰীয় শিক্ষা নীতি'ত অগ্ৰাধিকাৰ দিয়া হৈছে। 'আয়ুষ্মান ভাৰত আঁচনি'ৰ লক্ষ্য হৈছে সকলো হিতাধিকাৰীক সম্প্ৰসাৰিত সুৰক্ষা আৱৰণৰ অধীনত সামৰি লোৱা। এই সুৰক্ষাই দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ মাজত এক ডাঙৰ আত্মবিশ্বাসৰ ভাব  জাগ্ৰত কৰিছে।
 
আমাৰ খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক গৌৰৱান্বিত কৰিছে। যোৱা বছৰ অনুষ্ঠিত এছিয়ান গেমছত, আমি ১০৭ টা পদকৰ লাভৰ নতুন অভিলেখৰ সৈতে ইতিহাস সৃষ্টি কৰিছিলো আৰু এছিয়ান পেৰা গেমছত আমি ১১১ টা পদক জিকিছিলো। এইটো মন কৰিবলগীয়া যে মহিলাসকলে আমাৰ পদক তালিকাত অতি আকৰ্ষণীয় অৱদান আগবঢ়াই আহিছে। আমাৰ প্ৰতিভাশালী খেলুৱৈসকলৰ সফলতাই শিশুসকলক বিভিন্ন ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে, যি কথাই তেওঁলোকৰ আত্মবিশ্বাসো যথেষ্ট বৃদ্ধি কৰিছে। মই নিশ্চিত যে নতুন আত্মবিশ্বাসেৰে ভৰি থকা আমাৰ খেলুৱৈসকলে আগন্তুক পেৰিছ অলিম্পিকত আৰু অধিক ভাল প্ৰদৰ্শন কৰিব।

মৰমৰ নাগৰিকসকল,

সাম্প্ৰতিক সময়ত, পৃথিৱীৰ বহু  ঠাইত সংঘৰ্ষ হৈছে আৰু পৃথিৱীৰ বহু ঠাইত হিংসাৰ ঘটনা ঘটিছে। যেতিয়া দুয়োটা বিৰোধী পক্ষৰ প্ৰত্যেকেই বিশ্বাস কৰে যে কেৱল তেওঁৰ কথাটোহে শুদ্ধ আৰু আনজনৰ কথা ভুল, তেন্তে এনে পৰিস্থিতিত সন্তোষজনক যুক্তিৰ আধাৰত আগবাঢ়িব লাগে। দুৰ্ভাগ্যবশতঃ, যুক্তিৰ পৰিৱৰ্তে, পাৰস্পৰিক ভয় আৰু কুসংস্কাৰে আবেগক ইন্ধন যোগাইছে, যাৰ ফলত নিৰন্তৰ হিংসাৰ আশংকা বৃদ্ধি পাইছে । ইয়াৰ ফলত  মানৱ জাতিয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আমি সকলোৱে  মানুহৰ এনে  দুখ-কষ্টৰ বাবে গভীৰভাৱে ব্যথিত। এনে পৰিস্থিতিত ভগৱান বুদ্ধৰ সে অমোঘ বাণী আমাৰ মনলৈ আহে :


ন হি বেৰেন  বেৰানী, সম্মন্তীধ কুদাচনম
অবেৰেন চ সম্মাণ্টি, এছ ধম্মো সনন্তনো
ইয়াৰ অৰ্থ হৈছে:
"শত্ৰুতা কেতিয়াও শত্ৰুতাৰ দ্বাৰা শান্ত নহয়,শত্ৰুতা পৰিহাৰৰ দ্বাৰাহে শত্ৰুতা দূৰ হয়।" এয়া হৈছে চিৰন্তন নিয়ম। "

বৰ্ধমান মহাবীৰ আৰু সম্ৰাট অশোকৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীলৈকে ভাৰতে সদায় এনে  এক উদাহৰণ স্থাপন কৰি আহিছে যে অহিংসা কেৱল এক আদৰ্শ নহয়,  যিটো প্ৰাপ্ত কৰা কঠিন, কিন্তু ই এক স্পষ্ট সম্ভাৱনা। কেৱল সেয়াই নহয়, বহুলোকৰ বাবে ই এক জীৱন্ত বাস্তৱ। আমি আশা কৰোঁ যে বিবাদৰ সৈতে জড়িত এলেকাবোৰত সেই বিবাদবোৰ সমাধান কৰিবলৈ আৰু শান্তিৰ পৰিবেশ  গঢ়ি তুলিবলৈ উপায় বিচাৰি উলিওৱা সম্ভৱ  হ'ব।
ভাৰতৰ প্ৰাচীন জ্ঞানে বিশ্ব সম্প্ৰদায়ক বিশ্ব পৰিৱেশৰ সংকট দূৰ কৰিবলৈ পথ প্ৰদৰ্শন কৰিব পাৰে। ভাৰতে শক্তিৰ নৱীকৰণযোগ্য উৎসৰ প্ৰচাৰ আৰু বিশ্বব্যাপী জলবায়ু সম্পৰ্কীয় কাৰ্যত নেতৃত্ব প্ৰদান কৰাত আগবাঢ়ি থকা দেখি মই আনন্দিত। ভাৰতে পৰিৱেশ সচেতন জীৱনশৈলী গ্ৰহণ কৰিবলৈ লিএফই আন্দোলন আৰম্ভ কৰিছে।  আমাৰ দেশত  ব্যক্তিগত আচৰণ পৰিৱৰ্তনেৰে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ মোকাবিলা কৰাৰ বিষয়টোক  বিশ্ব সম্প্ৰদায়ে অগ্ৰাধিকাৰ দিছে  আৰু প্ৰশংসা কৰিছে। প্ৰতিখন ঠাইৰ বাসিন্দাসকলে তেওঁলোকৰ জীৱনশৈলী প্ৰকৃতিৰ সৈতে খাপ খুৱাই পৰিবেশৰ  প্ৰতি  অৱদান আগবঢ়াব পাৰে আৰু সেয়া আমি কৰিবই লাগিব। ই কেৱল ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱী সংৰক্ষণ কৰাতে সহায় নকৰে , জীৱনৰ মানো উন্নত কৰিব।

মৰমৰ নাগৰিকসকল,

আমাৰ স্বাধীনতাৰ এশ বছৰ সম্পূৰ্ণ নোহোৱালৈকে অমৃতকালৰ সময়ছোৱাত অভূতপূৰ্ব প্ৰযুক্তিগত পৰিৱৰ্তন ঘটিব। কৃত্ৰিম বুদ্ধিমত্তা আৰু যন্ত্ৰ শিক্ষণৰ দৰে প্ৰযুক্তিগত পৰিৱৰ্তনবোৰ এতিয়া পোহৰলৈ ওলাই আহিছে আৰু অসাধাৰণ গতিৰে আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে।এনে প্ৰযুক্তিগত পৰিৱৰ্তনবোৰে   বিশেষকৈ যুৱসকলৰ বাবে উৎসাহজনক সুযোগোৰো সৃষ্টি কৰিব। আমাৰ যুৱসকলে নতুন সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ বৰ্তমানৰ সীমাবদ্ধতা অতিক্ৰম কৰিছে। আমি তেওঁলোকৰ পথৰ বাধাবোৰ আঁতৰাবলৈ আৰু তেওঁলোকৰ  সম্ভাৱনাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ, তেওঁলোকক সহায় কৰিবলৈ সম্ভৱপৰ  সকলো কৰিব লাগিব। আমাৰ যুৱ প্ৰজন্মই বিচাৰে যে সকলোৱে সুযোগৰ ক্ষেত্ৰত  সমতা লাভ কৰক। তেওঁলোকে সমতাৰ পুৰণি ভাষা নিবিচাৰে , তেওঁলোকে আমাৰ সমতাৰ মূল্যৱান আদৰ্শৰ বাস্তৱতা চাব বিচাৰে। 

দৰাচলতে   আমাৰ যুৱপ্ৰজন্মৰ আত্মবিশ্বাসৰ বলতে ভৱিষ্যতৰ ভাৰত গঢ় লৈ আহিছে । যুৱসকলৰ মন গঢ়াৰ কাম আমাৰ শিক্ষকসকলে কৰে, যিসকলে প্ৰকৃত অৰ্থত ৰাষ্ট্ৰৰ ভৱিষ্যত গঢ়ি তোলে। মই মোৰ কৃষক আৰু শ্ৰমিক ভাই-ভনীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো, যিসকলে নীৰৱে কাম কৰে আৰু দেশৰ ভৱিষ্যত উজ্জ্বল কৰাত যথেষ্ট অৰিহণা যোগায়। গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত  সকলো নাগৰিকে কৃতজ্ঞতাৰে আমাৰ সশস্ত্ৰ বাহিনী, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক শুভেচ্ছা জনাইছে। তেওঁলোকৰ সাহসিকতা আৰু সতৰ্কতা অবিহনে, আমি অৰ্জন  কৰা আকৰ্ষণীয় সাফল্যবোৰ অৰ্জন কৰিব নোৱাৰিলোহেঁতেন।

মই মোৰ ভাষণ শেষ কৰাৰ আগতে, মই ন্যায়পালিকা আৰু অসামৰিক সেৱাৰ সদস্যসকলক  মোৰ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰো। মই বিদেশত থকা ভাৰতীয় মিছনসমূহৰ বিষয়াসকল আৰু বিদেশী ভাৰতীয় সম্প্ৰদায়ক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছো। আহক আমি সকলোৱে যিমান সম্ভৱ ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ সেৱাত নিজকে সমৰ্পিত কৰাৰ সংকল্প লওঁ। এই শুভ সংকল্পটো উপলব্ধি কৰিবলৈ চেষ্টা কৰাৰ বাবে আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন!

ধন্যবাদ!
জয় হিন্দ!
জয় ভাৰত!

*******

DS\SKS
(Release ID: 1999687) 



(Release ID: 1999727) Visitor Counter : 152