গৃহ মন্ত্ৰালয়

সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধনপুৰস্কাৰ-২০২৪

সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধনপুৰস্কাৰ-২০২৪ৰ বাবে প্ৰতিষ্ঠানিক শ্ৰেণীত নিৰ্বাচিত উত্তৰ প্ৰদেশৰ ৬০ পেৰাচুট ফিল্ড হাস্পতাল

ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধনপুৰস্কাৰক প্ৰতিষ্ঠা কৰি ব্যক্তি আৰু সংগঠনে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদান আৰু নিস্বাৰ্থ সেৱাক স্বীকৃতি আৰু সন্মান জনাইছে

Posted On: 23 JAN 2024 10:27AM by PIB Guwahati

দুৰ্যোগ ব্যৱস্থাপনাৰ উৎকৃষ্ট কামৰ বাবে সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধনপুৰস্কাৰ-২০২৪ৰ প্ৰতিষ্ঠানিক শাখাত বঁটা লাভৰ বাবে নিৰ্বাচিত হৈছে উত্তৰ প্ৰদেশৰ ৬০ পেৰাচুট ফিল্ড হাস্পতাল৷

ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ব্যক্তি আৰু সংগঠনে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবঢ়োৱা অমূল্য অৱদান আৰু নিস্বাৰ্থ সেৱাক স্বীকৃতি আৰু সন্মান জনাই সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ নামেৰে পৰিচিত বাৰ্ষিক বঁটা প্ৰতিষ্ঠা কৰিছে৷ প্ৰতি বছৰে ২৩ জানুৱাৰী অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত এই বঁটা ঘোষণা কৰা হয়। এই বঁটাত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ৫১ লাখ নগদ পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ আৰু ব্যক্তিৰ ক্ষেত্ৰত ৫ লাখ টকা নগদ পুৰষ্কাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত দেশত দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি, প্ৰস্তুতি, প্ৰশমন আৰু সঁহাৰি ব্যৱস্থাৰ যথেষ্ট উন্নতি ঘটিছে যাৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হতাহতিৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দুৰ্যোগৰ প্ৰস্তুতিৰ ওপৰত নিৰন্তৰ পৰ্যালোচনা কৰে আৰু জীৱন আৰু সম্পত্তিৰ ক্ষতি কম কৰাৰ বাবে সম্প্ৰদায়ক প্ৰশিক্ষণ দিয়া আৰু অংশীদাৰসকলে উত্তম পদ্ধতি গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

২০২৪ বৰ্ষৰ বঁটাৰ বাবে ২০২৩ চনৰ ১ জুলাইৰ পৰা অনলাইন মনোনয়ন বিচৰা হৈছিল। ২০২৪ বৰ্ষৰ বঁটা আঁচনিখনক ছপা, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক প্ৰচাৰ কৰা হৈছিল। বঁটা আঁচনিৰ প্ৰতি সঁহাৰি জনাই প্ৰতিষ্ঠান আৰু ব্যক্তিৰ পৰা ২৪৫টা বৈধ মনোনয়ন লাভ কৰা হয়।

 

২০২৪ চনৰ বঁটা বিজয়ী প্ৰতিষ্ঠানে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৰা অসাধাৰণ কামৰ সাৰাংশ তলত দিয়া হলঃ

উত্তৰ প্ৰদেশত ১৯৪২ চনত ৬০ পেৰাচুট ফিল্ড হাস্পতাল প্ৰতিষ্ঠা কৰা হৈছিল। বিভিন্ন বিশ্ব সংকটত ব্যতিক্ৰমী সেৱাৰ বাবে স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এইখন একমাত্ৰ আকাশী চিকিৎসা প্ৰতিষ্ঠান। প্ৰাথমিক অভিযানত শান্তি আৰু যুদ্ধৰ সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য (এইচএডিআৰ) অভিযান অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰাখণ্ডৰ বানপানী (২০১৩), নেপাল ভূমিকম্পৰ সময়ত ‘মৈত্ৰী’ (২০১৫) আৰু ইণ্ডোনেছিয়াৰ ছুনামীৰ সময়ত অপাৰেচন সমুদ্ৰ মৈত্ৰী (২০১৮)ৰ অংশ হিচাপে চিকিৎসা সাহায্য প্ৰদান কৰিছিল। শেহতীয়াকৈ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তুৰস্ক আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ প্ৰতি সঁহাৰি জনাই ইউনিটে ক্ষিপ্ৰতাৰে ৯৯জনীয়া এটা দল একত্ৰিত কৰি সীমিত সম্পদ আৰু ভাষাৰ বাধাক অতিক্ৰম কৰি তুৰস্কৰ হাটাই প্ৰদেশৰ বিদ্যালয় ভৱনত ভাৰতৰ অগ্ৰণী দ্বিতীয় পৰ্যায়ৰ চিকিৎসা সুবিধাসম্পন্ন ৩০ বিছনাযুক্ত এখন চিকিৎসালয় স্থাপন কৰে। ইউনিটটোৱে উদ্ধাৰ, ট্ৰাইজেজ, অস্ত্ৰোপচাৰ, দন্ত চিকিৎসা, এক্স-ৰে আৰু লেবৰ সুবিধাকে ধৰি বহুতো চিকিৎসা সেৱা আগবঢ়াইছিল আৰু ‘অপাৰেচন ডোষ্ট’ৰ অংশ হিচাপে ১২দিনত ৩,৬০০ ৰোগীক সুশ্ৰূষাৰ ব্যৱস্থা কৰিছিল।

*****

RK/ASH/RR/PR/AK/DB



(Release ID: 1998777) Visitor Counter : 63