প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ নাচিকৰ শ্ৰী কালাৰাম মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ
স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ
Posted On:
12 JAN 2024 3:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নাছিকত থকা কালাৰাম মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰে। তেওঁ লগতে শ্ৰীৰাম কুণ্ডতো দৰ্শন আৰু পূজা অৰ্চনা কৰে। ইয়াৰ পাছতে তেওঁ স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি পুষ্পাঞ্জলি অৰ্পণ কৰে।
আজি নাছিকত পৰম্পৰা আৰু প্ৰযুক্তিৰ এক উল্লেখযোগ্য সংগম ঘটে৷ প্ৰধানমন্ত্ৰীয়ে ৰামায়ণৰ মহাকাব্যিক আখ্যান, বিশেষকৈ ‘যুদ্ধ কাণ্ড’ খণ্ড শুনে, য’ত ভগৱান ৰামৰ অযোধ্যালৈ উভতি অহাৰ দৃশ্য চিত্ৰণ কৰা হৈছে। মাৰাঠী ভাষাত এই উপস্থাপন কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰীয়ে এআই অনুবাদৰ জৰিয়তে হিন্দী সংস্কৰণটো শুনে৷
প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্টত কয়ঃ
“নাছিকৰ শ্ৰী কালাৰাম মন্দিৰত প্ৰাৰ্থনা কৰিলোঁ। ঐশ্বৰিক পৰিৱেশত এক অবিশ্বাস্য অনুভূতি অনুভৱ কৰিলোঁ৷ সঁচাকৈয়ে বিনম্ৰ আৰু আধ্যাত্মিক অভিজ্ঞতা। মই মোৰ ভাৰতীয়সকলৰ শান্তি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।”
“নাছিকৰ ৰামকুণ্ডত পূজাত অংশ ললোঁ৷”
“শ্ৰী কালাৰাম মন্দিৰত প্ৰভু শ্ৰীৰামৰ অযোধ্যালৈ বিজয়ী প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত মনোমোহা বৰ্ণনাৰ সন্ত একনাথ জীয়ে মাৰাঠী ভাষাত ৰচিত ভাৱাৰ্থ ৰামায়ণৰ শ্লোক শুনাৰ গভীৰ অভিজ্ঞতা অৰ্জন কৰিলোঁ। ভক্তি আৰু ইতিহাসৰ সৈতে অনুৰণন ঘটোৱা এই ব্যাখ্যা আছিল এক আছুতীয়া অভিজ্ঞতা।”
“নাছিকত স্বামী বিবেকানন্দলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁৰ কালজয়ী চিন্তা আৰু দৃষ্টিভংগীয়ে আমাক প্ৰেৰণা দি আহিছে।”
***
DS/TS/DB
(Release ID: 1995528)
Read this release in:
Kannada
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Tamil
,
Telugu
,
Malayalam