প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এক্সপ’ছেট উপগ্ৰহৰ সফল উৎক্ষেপণত সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 JAN 2024 2:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ এক্সপ’ছেট (XPoSat) উপগ্ৰহৰ সফল উৎক্ষেপণত সন্তোষ প্ৰকাশ কৰে।
তেওঁ ভাৰতক নতুন শিখৰত আৰোহণ কৰোৱাৰ বাবে মহাকাশ ভ্ৰাতৃত্ববোধৰ লগতে ইছৰোৰ বিজ্ঞানীসকলক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"আমাৰ বিজ্ঞানীসকলৰ বাবে ২০২৪ৰ এক সুন্দৰ আৰম্ভণি হৈছে! এই উৎক্ষেপণ মহাকাশ খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আৰু ই এই ক্ষেত্ৰত ভাৰতৰ দক্ষতাৰ বৰ্ধন ঘটাব। ইছৰোৰ আমাৰ বিজ্ঞানীসকল আৰু সমগ্ৰ মহাকাশ ভ্ৰাতৃত্ববোধক ভাৰতক অভূতপূৰ্ব শিখৰত আৰোহণ কৰোৱাৰ বাবে শুভেচ্ছা জনালোঁ।"
***
DS/RT/SB
(रिलीज़ आईडी: 1992079)
आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam