প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ সৈতে বাৰ্তালাপ কৰে
শিক্ষাৰ্থীসকলে 'ৱতন কো জানো - যুৱ বিনিময় কাৰ্যসূচী ২০২৩'ৰ অধীনত দিল্লী ভ্ৰমণ কৰিছে
জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ যিকোনো ক্ষেত্ৰত উৎকৃষ্ট হোৱাৰ সম্ভাৱনা আছেঃ প্ৰধানমন্ত্ৰী
দেশৰ উন্নয়নত অৰিহণা আগবঢ়াওক আৰু বিকশিত ভাৰত@২০৪৭ ৰ সপোন পূৰণ কৰাত সহায় কৰকঃ প্ৰধানমন্ত্ৰী
Posted On:
24 DEC 2023 7:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূৰ্বে ৭, লোক কল্যাণ মাৰ্গস্থিত তেওঁৰ বাসগৃহত জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ সৈতে বাৰ্তালাপ কৰে। জম্মু-কাশ্মীৰৰ সকলো জিলাৰ পৰা অহা প্ৰায় ২৫০ জন শিক্ষাৰ্থীয়ে নিশ্চিন্ত আৰু অনানুষ্ঠানিক বাৰ্তালাপত অংশগ্ৰহণ কৰে।
এই শিক্ষাৰ্থীসকলে ভাৰত চৰকাৰৰ 'ৱতন কো জানো - যুৱ বিনিময় কাৰ্যসূচী ২০২৩'ৰ অধীনত জয়পুৰ, আজমেৰ আৰু নতুন দিল্লী ভ্ৰমণ কৰি আছে। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাৰে জম্মু-কাশ্মীৰৰ যুৱপ্ৰজন্মৰ সন্মুখত দেশৰ সাংস্কৃতিক আৰু সামাজিক বৈচিত্ৰ্য দাঙি ধৰাই হৈছে এই ভ্ৰমণৰ উদ্দেশ্য ।
বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ ভ্ৰমণৰ অভিজ্ঞতা আৰু তেওঁলোকে ভ্ৰমণ কৰা প্ৰতিষ্ঠিত স্থানসমূহৰ বিষয়ে সুধিছিল। প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিৰ বিষয়ে আলোচনা কৰি ছাত্ৰ-ছাত্ৰীসকলক ক্ৰিকেট, ফুটবল আদি ক্ৰীড়াত অংশগ্ৰহণৰ বিষয়ে সোধা-পোছা কৰে৷ প্ৰধানমন্ত্ৰীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত তিনিটা পদক অৰ্জন কৰা জম্মু-কাশ্মীৰৰ যুৱ ধনুৰ্বিদ শীতল দেৱীৰ উদাহৰণ দাঙি ধৰে৷ প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ প্ৰতিভাক লৈ প্ৰশংসা কৰে আৰু কয় যে এই যুৱক-যুৱতীসকলৰ যিকোনো ক্ষেত্ৰত উৎকৃষ্ট হোৱাৰ সম্ভাৱনা আছে।
প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক দেশৰ উন্নয়নৰ দিশত কাম কৰাৰ লগতে অৱদান আগবঢ়াবলৈ আৰু বিকশিত ভাৰত @২০৪৭ ৰ সপোন পূৰণ কৰাত সহায় কৰিবলৈ পৰামৰ্শ দিয়ে।
জম্মু-কাশ্মীৰত বিশ্বৰ সৰ্বোচ্চ ৰে'লৱে দলং নিৰ্মাণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত অঞ্চলটোত যোগাযোগ উন্নত হব।
প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ আৰু আদিত্য-এল-১ অভিযানৰ সফলতা সন্দৰ্ভত আলোচনা কৰি কয় যে এই বৈজ্ঞানিক সাফল্যই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছে।
এই বছৰ অভিলেখ সংখ্যক পৰ্যটকে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰা সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ পৰ্যটন খণ্ডত যথেষ্ট সুযোগ আছে। প্ৰধানমন্ত্ৰীয়ে যোগৰ লাভালাভৰ বিষয়েও কয় আৰু শিক্ষাৰ্থীসকলক দৈনিক এই অনুশীলন কৰিবলৈ আহ্বান জনায়। তেওঁ কাশ্মীৰত জি-২০ সন্মিলনৰ সফল আয়োজন আৰু দেশক স্বচ্ছ কৰাৰ প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰে।
DS/KG
(Release ID: 1991172)
Visitor Counter : 87
Read this release in:
Kannada
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam