প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
প্ৰধানমন্ত্ৰী নেতান্যাহুৱে প্ৰধানমন্ত্ৰী মোদীক ইজৰাইল-হামাছ সংঘৰ্ষৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰে
দুয়োগৰাকী নেতাই সামুদ্ৰিক যাতায়াতৰ সুৰক্ষা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে
প্ৰধানমন্ত্ৰীয়ে মানৱীয় সাহায্য আৰু আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাতৰ সমাধানৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে
प्रविष्टि तिथि:
19 DEC 2023 6:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰী নেতান্যাহুৱে চলিত ইজৰাইল-হামাছ সংঘৰ্ষৰ শেহতীয়া ঘটনাৱলীৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।
দুয়োগৰাকী নেতাই সামুদ্ৰিক যাতায়াতৰ সুৰক্ষা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বাবে নিৰন্তৰ মানৱীয় সাহায্যৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে আৰু আলোচনা আৰু কূটনীতিৰ জৰিয়তে সকলো বন্দীক মুক্তি দিয়াকে ধৰি সংঘৰ্ষৰ আগতীয়া আৰু শান্তিপূৰ্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে।
**************
DS/LP/KG
(रिलीज़ आईडी: 1989091)
आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam