প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কাশী তামিল সংগমম, ২০২৩ উদ্বোধন কৰে

থিৰুক্কুৰাল, মণিমেকালাই আৰু আন ধ্ৰুপদী তামিল সাহিত্যৰ বহু ভাষিক আৰু ব্ৰেইল অনুবাদ উন্মোচন কৰে

কন্যাকুমাৰী – বাৰাণসী তামিল সংগমম ৰেলৰ ফ্লেগ-অফ

“কাশী তামিল সংগমমে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক আগুৱাই নিছে”

“কাশী আৰু তামিলনাডুৰ মাজত আৱেগিক আৰু সৃজনিশীল, উভয় সম্পৰ্কই আছে”

“ৰাষ্ট্ৰ হিচাপে ভাৰতৰ পৰিচয় আধ্যাত্মিক বিশ্বাসৰে বদ্ধমূল”

“আমাৰ সহভাজিত ঐতিহ্যই আমাক আমাৰ সম্পৰ্কৰ গভীৰতাৰ অনুৰণন ঘটায়”

Posted On: 17 DEC 2023 8:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত কাশী তামিল সংগমম, ২০২৩ উদ্বোধন কৰে। শ্ৰী মোদীয়ে কন্যাকুমাৰী – বাৰাণসী তামিল সংগমম ৰেলৰ ফ্লেগ অফ কৰি এই উপলক্ষেই থিৰুক্কুৰাল, মণিমেকালাই আৰু আন-আন ধ্ৰুপদী তামিল সাহিত্যৰ বহু ভাষিক আৰু ব্ৰেইল অনুবাদ উন্মোচন কৰে। তেখেতে প্ৰদৰ্শনী পৰিভ্ৰমণেৰে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰে। কাশী তামিল সংগমমৰ লক্ষ্য হৈছে দেশৰ দুই গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষা কেন্দ্ৰ, তামিলনাডু আৰু কাশীৰ মাজত যুগে-যুগে অব্যাহত সংযোগৰ উদযাপন, পুনৰাই দৃঢ় কৰা আৰু পুনৰ আৱিষ্কাৰ কৰা।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে অতিথি হিচাপে নহয়, বৰং পৰিয়ালৰ একো-একোজন সদস্য হিচাপে আদৰণি জনায়। তেখেতে কয় যে তামিলনাডুৰপৰা কাশীত উপস্থিত হোৱাৰ অৰ্থ এয়ে যে কেৱল ভগৱান মহাদেৱৰ এটা বাসস্থানৰপৰা আনটো বাসস্থান অৰ্থাৎ মাদুৰাই মীনাক্ষী তথা কাশী বিশালাক্ষীলৈ যাত্ৰা কৰা। তামিলনাডু আৰু কাশীবাসীৰ অনন্য স্নেহ আৰু সংযোগক আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশীৰ নাগৰিকৰ অতিথিপৰায়ণতাৰ শলাগ লয়। ভগৱান মহাদেৱৰ আশীৰ্বাদৰ লগতে ইয়াত অংশগ্ৰহণকাৰীসকলে কাশীৰ সংস্কৃতি, সুস্বাদু খাদ্য আৰু স্মৃতি সামৰি তামিলনাডুলৈ উভতি যাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদান কৰা ভাষণৰ পোন-প্ৰথমবাৰৰ বাবে তামিল ভাষাত ‘ৰিয়েল টাইম’ অনুবাদৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰত আলোকপাতেৰে ভৱিষ্যতৰ অনুষ্ঠানতো ইয়াৰ ব্যৱহাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কন্যাকুমাৰী – বাৰাণসী তামিল সংগমম ৰেলৰ ফ্লেগ-অফ কৰি এই উপলক্ষে তিৰুক্কুৰাল, মণিমেকালাই আৰু আন-আন ধ্ৰুপদী তামিল সাহিত্যৰ বহু ভাষিক আৰু ব্ৰেইল অনুবাদ উন্মোচন কৰে। সুব্ৰহ্মণ্য ভাৰতীৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কাশী-তামিল সংগমমৰ স্পন্দন সমগ্ৰ দেশ আৰু বিশ্বতে বিয়পি পৰিছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে মঠৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰী, শিল্পী, লেখক, কাৰিকৰ আৰু পেছাদাৰীসকলকে প্ৰমুখ্য কৰি লাখ-লাখ লোকে কাশী তামিল সংগমমত আৰম্ভণিৰে পৰাই অংশগ্ৰহণ কৰি আহিছে আৰু এয়া আলোচনা তথা চিন্তাৰ আদান-প্ৰদানৰ এক ফলপ্ৰসূ মঞ্চত পৰিণত হৈছে। তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু চেন্নাই, আইআইটিৰ যৌথ পদক্ষেপত সন্তোষ প্ৰকাশ কৰে। উল্লেখযোগ্য যে আইআইটি, চেন্নাইয়ে বিদ্যা শক্তি পদক্ষেপৰ অধীনত বাৰাণসীৰ হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু গণিত বিষয়ত অনলাইন সহায় আগবঢ়াইছে। শেহতীয়া এনে কাম-কাজসমূহ কাশী আৰু তামিলনাডুৰ জনসাধাৰণৰ মাজৰ আৱেগিক আৰু সৃজনিশীল বন্ধনৰ সাক্ষ্য বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “কাশী তামিল সংগমমে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক আগুৱাই নিছে।“ একেই মনোভাৱ কাশী তেলেগু সংগমম আৰু সৌৰাষ্ট্ৰ কাশী সংগমমৰ আয়োজনৰ আঁৰতো আছিল বুলিও তেখেতে কয়। দেশৰ সকলো ৰাজভৱনত আন-আন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ নতুন পৰম্পৰাৰপৰাই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱে অধিক শক্তি লাভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সংসদত আদিনাম সন্তসকলৰ তত্বাৱধানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ একে মনোভাৱ প্ৰতিফলিত কৰা পবিত্ৰ চেংগোল প্ৰতিষ্ঠাৰ কথাও ব্যক্ত কৰে। “‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এই আত্মাৰ প্ৰবাহে আজি আমাৰ ৰাষ্ট্ৰক সমৃদ্ধ কৰিছে”, তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বৈচিত্ৰ্য, আধ্যাত্মিক চেতনাৰ আধাৰত গঢ় লৈ উঠিছে। মহান পাণ্ডিয়ান ৰজা পৰক্ৰম পাণ্ডিয়ানে কৈছিল যে ভাৰতৰ প্ৰতি টোপাল পানী গংগাজল আৰু দেশৰ প্ৰতিটো ভৌগোলিক অৱস্থানেই কাশী। উত্তৰ ভাৰতৰ বিশ্বাসৰ কেন্দ্ৰসমূহ বিদেশী শক্তিৰ অহৰহ আক্ৰমণৰ বলি হৈ থকা সময়ৰ কথা ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেনকাশী আৰু শিৱকাশী মন্দিৰ নিৰ্মাণৰ জৰিয়তে কাশীৰ ঐতিহ্যক জীয়াই ৰাখিবলৈ ৰজা পৰক্ৰম পাণ্ডিয়ানৰ প্ৰচেষ্টাৰাজি সম্পৰ্কে আলোকপাত কৰে। শ্ৰী মোদীয়ে ভাৰতৰ বৈচিত্ৰ্যৰ প্ৰতি জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলৰ আকৰ্ষণৰ কথাও কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আন দেশত ৰাষ্ট্ৰক ৰাজনৈতিকভাৱে সংজ্ঞায়িত কৰাৰ বিপৰীতে ভাৰত এখনি ৰাষ্ট্ৰ হিচাপে, আধ্যাত্মিক বিশ্বাসৰপৰা গঢ় লৈ উঠিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতক আদি শংকৰাচাৰ্য্য আৰু ৰমঞ্জুৱামৰ দৰে সন্তসকলে একত্ৰিত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিৱস্থানলৈ আদিনা সন্তসকলৰ যাত্ৰাৰ ভূমিকাকো স্মৰণ কৰে। “এই যাত্ৰাসমূহৰ বাবে ভাৰত এখনি ৰাষ্ট্ৰ হিচাপে চিৰন্তন আৰু অদম্য হৈ আছে”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে তামিলনাডুৰপৰা কাশী, প্ৰয়াগ, অযোধ্যা আৰু আন-আন তীৰ্থস্থানলৈ গৰিষ্ঠ সংখ্যক লোক, ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীয়ে যাত্ৰা কৰাৰ কথা উল্লেখেৰে প্ৰাচীন পৰম্পৰাৰ প্ৰতি দেশৰ যুৱক-যুৱতীসকল আস্থাৰ শিখৰত উপনীত হোৱা আগ্ৰহত সন্তুষ্টি প্ৰকাশ কৰে। “ভগৱান মহাদেৱৰ সৈতে ৰামেশ্বৰম প্ৰতিষ্ঠা কৰা ভগৱান ৰামক অযোধ্যাত দৰ্শন ঐশ্বৰিক”, কাশী তামিল সংগমমত অংশগ্ৰহণ কৰাসকলৰ অযোধ্যা ভ্ৰমণৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰস্পৰে-পৰস্পৰৰ সংস্কৃতি সম্পৰ্কে জনাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে কয় যে ইয়াৰ ফলত বিশ্বাস বৃদ্ধি পায় আৰু সম্পৰ্ক গঢ় লৈ উঠে। কাশী আৰু মাদুৰাইৰ উদাহৰণ দি শ্ৰী মোদীয়ে কয় যে তামিল সাহিত্যত বগাই আৰু গংগাই (গংগা) উভয়ৰে কথা কোৱা হয়। “আমি এই ঐতিহ্যৰ বিষয়ে জানিব পৰা মাত্ৰেকে, আমি আমাৰ সম্পৰ্কৰ গভীৰতা অনুভৱ কৰোঁ”, তেখেতে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশেৰে কয় যে কাশী - তামিল সংগমমৰ এই অনুষ্ঠানে ভাৰতৰ ঐতিহ্যক সবল কৰি ৰাখিব আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক সুদৃঢ় কৰি তুলিব। সম্বোধনৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশী দৰ্শনাৰ্থীসকলৰ বাবে সুচল বাসস্থানৰ আশা প্ৰকাশৰ লগতে প্ৰখ্যাত গায়ক শ্ৰীৰামক তেওঁৰ প্ৰদৰ্শনেৰে সমূহ দৰ্শকক মোহিতকৰণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ এল মুৰুগানকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

***

DS/TS/SB



(Release ID: 1987577) Visitor Counter : 49