প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চন্দ্ৰযান-৩ৰ প্ৰপালশ্যন মড্যুলৰ সফল পৰিভ্ৰমণত প্ৰধানমন্ত্ৰীয়ে ইছৰোক অভিনন্দন জনায়
प्रविष्टि तिथि:
06 DEC 2023 8:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্তৰীক্ষত আৰু এটা প্ৰযুক্তিগত প্ৰাপ্তি আহৰণ কৰা বাবে ইছৰোক অভিনন্দন জনাইছে।
চন্দ্ৰযান-৩ৰ প্ৰপালশ্যন মড্যুলে এক সফল পৰিভ্ৰমণ কৰিলে। এটা বেলেগ বিশেষ প্ৰয়োগত প্ৰপালশ্যন মড্যুলক চন্দ্ৰ কক্ষৰ পৰা পৃথিৱীৰ কক্ষলৈ অনা হৈছে।
এই প্ৰাপ্তি সন্দৰ্ভত ইছৰোৰ এক্স পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;
"শুভকামনা ইছৰো। আমাৰ ভৱিষ্যতৰ অন্তৰীক্ষ প্ৰয়াসত আৰু এটা প্ৰযুক্তিগত প্ৰাপ্তি আহৰণ কৰিলে, ইয়াত ২০৪০লৈকে চন্দ্ৰপৃষ্ঠলৈ এজন ভাৰতীয়ক পঠোৱাৰ আমাৰ লক্ষ্যও অন্তৰ্ভুক্ত।"
**********
DS/ST
(रिलीज़ आईडी: 1983437)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam