প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৌ সেনা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
04 DEC 2023 12:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নৌ সেনা দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:
"নৌ সেনা দিৱস’ত ভাৰতীয় নৌ সেনাৰ সকলো কৰ্মীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ সাগৰসমূহৰ সুৰক্ষাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা আমাৰ দেশৰ প্ৰতি কৰ্তব্য আৰু প্ৰেমৰ প্ৰতি তেওঁলোকৰ অটল সমৰ্পণৰ এক প্ৰমাণ। যিকোনো পৰিস্থিতিত তেওঁলোকৰ আবেগ আৰু সংকল্প অটল হৈ থাকে। তেওঁলোকৰ সেৱা আৰু ত্যাগৰ বাবে আমি চিৰদিনৰ বাবে কৃতজ্ঞ।
মই আজি পিছবেলালৈ মহাৰাষ্ট্ৰৰ ‘সিন্ধুদুৰ্গ’ত আয়োজিত ‘নৌ সেনা দিৱস’ৰ কাৰ্যসূচীত যোগদান কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছো। ‘ছত্ৰপতি’ শিৱাজী মহাৰাজৰ সৈতে এই ঠাইখনৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে। শক্তিশালী নৌবাহিনী গঢ়ি তোলাৰ বাবে তেওঁ গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা সকলোৱেই জানে।"
****
DS/TS/KB
(रिलीज़ आईडी: 1982326)
आगंतुक पटल : 129
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam