প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

प्रविष्टि तिथि: 01 DEC 2023 9:36PM by PIB Guwahati

ইউএইত অনুষ্ঠিত চিঅ’পি-২৮ৰ সমান্তৰালভাৱে ১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰীযুত শ্বাৱকট মিৰ্জিঅ’য়েভক সাক্ষাৎ কৰে৷

ভইচ অফ গ্ল’বেল ছাউছ ছামিটত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি মিৰ্জিঅ’য়েভক ধন্যবাদ জনায়৷

দুয়োগৰাকী নেতাই স্বাস্থ্য, শিক্ষা, ঔষধ আৰু পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যাপক দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ সন্দৰ্ভত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে উজবেকিস্তানৰ সৈতে আমাৰ উন্নয়নমূলক অংশীদাৰিত্ব সম্প্ৰসাৰণৰ বাবে ভাৰতৰ সমৰ্থনৰ আশ্বাসো দিয়ে।

***

DS/AK/DB


(रिलीज़ आईडी: 1981897) आगंतुक पटल : 102
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam