প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দ্বিতীয় ত্ৰৈমাসিকৰ জিডিপি বৃদ্ধিৰ সংখ্যাই ভাৰতীয় অৰ্থনীতিৰ প্ৰতিৰোধ ক্ষমতা আৰু শক্তি প্ৰতিপন্ন কৰিছে: প্ৰধানমন্ত্ৰী

Posted On: 30 NOV 2023 7:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দ্বিতীয় ত্ৰৈমাসিকৰ জিডিপি বৃদ্ধিৰ সংখ্যাই বিশ্বজনীন স্তৰত পৰীক্ষাৰ এনে সময়ত ভাৰতীয় অৰ্থনীতিৰ প্ৰতিৰোধ ক্ষমতা আৰু শক্তি প্ৰতিপন্ন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"দ্বিতীয় ত্ৰৈমাসিকৰ জিডিপি বৃদ্ধিৰ সংখ্যাই বিশ্বজনীন স্তৰত পৰীক্ষাৰ এনে সময়ত ভাৰতীয় অৰ্থনীতিৰ প্ৰতিৰোধ ক্ষমতা আৰু শক্তি প্ৰতিপন্ন কৰিছে। আমি অধিক সুযোগ সৃষ্টি কৰিবলৈ, দৰিদ্ৰতা দ্ৰুতগতিত নিৰ্মূল কৰিবলৈ, আৰু আমাৰ দেশবাসীৰ বাবে 'জীৱন যাপন আৰু বেছি সহজ' কৰি তুলিবলৈ, দ্ৰুতগতিত বিকাশ সুনিশ্চিত কৰিবলৈ সংকল্পবদ্ধ।"

**********

 

Dhiraj Singh



(Release ID: 1981525) Visitor Counter : 54