প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ষোড়শ সংখ্যক বিশ্ব ৱুচু চেম্পিয়নশ্বিপত পদক জয় কৰা ৰোশিবিনা দেৱী, কুশল কুমাৰ আৰু ছৱিক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 23 NOV 2023 10:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ‘ষোড়শ সংখ্যক বিশ্ব ৱুচু চেম্পিয়নশ্বিপ’ত পদক অৰ্জন কৰাৰ বাবে ৰোশিবিনা দেৱী, কুশল কুমাৰ আৰু ছৱিক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা পোষ্টত কয়;

"আমেৰিকা যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ অনুষ্ঠিত ‘ষোড়শ বিশ্ব ৱুচু চেম্পিয়নশ্বিপ’ত পদক জয় কৰাৰ বাবে মই আমাৰ ৱুচু চেম্পিয়ন ৰোশিবিনা দেৱী, কুশল কুমাৰ আৰু ছৱিক অভিনন্দন জনাইছোঁ। তেওঁলোকৰ সংকল্প আৰু দক্ষতাই সঁচাকৈয়ে দেশক গৌৰৱান্বিত কৰিছে। তেওঁলোকৰ সফলতাই ৱুচুক ভাৰতত অধিক জনপ্ৰিয় কৰি তুলিব মই নিশ্চিত। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকলৈ মোৰ শুভেচ্ছা জনালোঁ।"

***

Dhiraj Singh / Siddhant Tiwari/KB


(रिलीज़ आईडी: 1978993) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam