প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছৰ জেভলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে টেকচান্দ মাহলাৱাটক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 OCT 2023 8:32PM by PIB Guwahati
চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছৰ পুৰুষৰ জেভলাইন থ্ৰ’-এফ৫৫ ইভেণ্টত আজি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টেকচান্দ মাহলাৱটক অভিনন্দন জনায়।
তেওঁ মাহলাৱতৰ এই প্ৰদৰ্শনক প্ৰশংসা কৰি কয় যে ইয়াৰ দ্বাৰা তেওঁৰ দৃঢ়তা আৰু উৎকৃষ্টতা প্ৰদৰ্শন কৰা হৈছে, সমগ্ৰ দেশ আজি গৌৰৱান্বিত।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“পুৰুষৰ জেভেলিন থ্ৰ’-এফ৫৫ ইভেণ্টত অসাধাৰণ প্ৰদৰ্শেনেৰে ব্ৰঞ্জৰ পদক জয় কৰা টেকচান্দ মাহলাৱটক বিপুল অভিনন্দন। এই প্ৰদৰ্শনে তেওঁৰ দৃঢ়তা আৰু উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে, আৰু ই আমাৰ দেশখনৰ বাবে অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে।”
*****
DS/RT
(रिलीज़ आईडी: 1972976)
आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada