প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰীয়ে ‘মেৰী মাটি মেৰা দেশ’ অভিযানৰ ‘অমৃত কলশ যাত্ৰা’ৰ সমাপ্তি উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ পৰা সমবেত হোৱা হাজাৰ হাজাৰ ‘অমৃত কলশ যাত্ৰী’ক সম্বোধি ভাষণ প্ৰদান কৰিব

প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিটো প্ৰান্তৰৰ পৰা সংগ্ৰহ কৰা মাটিৰে বিকশিত ‘অমৃত বটিকা’ আৰু ‘অমৃত মহোৎসৱ স্মাৰক’ উদ্বোধন কৰিব

অনুষ্ঠানটোৱে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সামৰণিকো চিহ্নিত কৰিব

প্ৰধানমন্ত্ৰীয়ে যুৱ-প্ৰজন্মৰ বাবে 'মেৰা যুৱ ভাৰত' (‘মাই ভাৰত’) মঞ্চ মুকলি কৰিব

‘মাই ভাৰত’ দেশৰ যুৱপ্ৰজন্মৰ বাবে ‘ৱান ষ্টপ হ’ল-অব-গভৰ্ণমেণ্ট প্লেটফৰ্ম’ হ'ব

Posted On: 30 OCT 2023 9:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ৩১ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৫ বজাত ‘কৰ্তব্য পথ’ত ‘মেৰী মাটি মেৰা দেশ’ অভিযানৰ ‘অমৃত কলশ যাত্ৰা’ৰ সমাৰণি উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৱে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সামৰণি অনুষ্ঠানকো চিহ্নিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত ‘অমৃত বটিকা’ আৰু ‘অমৃত মহোৎসৱ স্মাৰক’ উদ্বোধন কৰিব। তেওঁ সমগ্ৰ দেশৰ পৰা এই কাৰ্যসূচীত যোগদান কৰা হাজাৰ হাজাৰ ‘অমৃত কলশ যাত্ৰী’ক সম্বোধি ভাষণ প্ৰদান কৰিব।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱপ্ৰজন্মৰ বাবে 'মেৰা যুৱ ভাৰত’(‘মাই ভাৰত’) শীৰ্ষক মঞ্চৰো শুভাৰম্ভ কৰিব।

মেৰী মাটি মেৰা দেশ

‘মেৰী মাটি মেৰা দেশ’ অভিযান হৈছে বীৰ আৰু বীৰাঙ্গনাসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি, যিসকলে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছে। জন অংশীদাৰিত্বৰ ভাৱনাৰে ৰূপায়িত এই অভিযানত পঞ্চায়ত/গাঁও, উন্নয়ণ খণ্ড, নগৰীয়া স্থানীয় সংস্থা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সমগ্ৰ দেশতে অনুষ্ঠিত হোৱা বহুতো কাৰ্যক্ৰম আৰু অনুষ্ঠান অন্তৰ্ভুক্ত কৰা হৈছিল। এই কাৰ্যক্ৰমসমূহৰ ভিতৰত আছিল সৰ্বোচ্চ ত্যাগ কৰা সকলো বীৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ ‘শিলাফলকম’ (স্মাৰক) নিৰ্মাণ; ‘শিলাফলকম’ত ৰাইজে গ্ৰহণ কৰা 'পঞ্চ প্ৰাণ'ৰ প্ৰতিশ্ৰুতি; থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা আৰু 'অমৃত বটিকা' (বসুধা বন্দন) বিকাশিত কৰা আৰু স্বাধীনতা সংগ্ৰামী আৰু মৃত স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালক সন্মান জনোৱাৰ বাবে সম্বৰ্ধনা অনুষ্ঠান(বীৰো কা বন্দন)।

৩৬ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্মাণ কৰা ২.৩ লাখতকৈয়ো অধিক ‘শিলাফলকম’ৰ নিৰ্মাণ; ‘পঞ্চ প্ৰাণ’ গ্ৰহণৰ প্ৰায় ৪ কোটি ছেলফি আপলোড; দেশজুৰি ২ লাখৰো অধিক 'বীৰো কা বন্দন' কাৰ্যসূচী; ২.৩৬ কোটিতকৈয়ো অধিক থলুৱা গছপুলিৰ ৰোপণ; আৰু সমগ্ৰ দেশতে ‘বসুধা বন্দন’ বিষয়বস্তুৰ আধাৰত স্থাপন কৰা ২.৬৩ লাখখন ‘অমৃত বটিকা’ৰে এই অভিযানে এক বৃহৎ সফলতা লাভ কৰে।

'মেৰী মাটি মেৰা দেশ' অভিযানত ‘অমৃত কলশ যাত্ৰা’ও অন্তৰ্ভুক্ত কৰা হৈছে, য'ত ৬ লাখতকৈয়ো অধিক গাঁও আৰু নগৰ অঞ্চলৰ ৱাৰ্ডৰ পৰা মাটি আৰু শস্যৰ বীজ সংগ্ৰহ কৰা হয়। পৰৱৰ্তি পৰ্যায়ত এই মাটি আৰু সংগৃহীত বীজসমূহ খণ্ড পৰ্যায়লৈ প্ৰেৰণ কৰা হয় (য'ত খণ্ডটোৰ সকলো গাঁৱৰ মাটি মিশ্ৰিত কৰা হয়) আৰু তাৰ পিছত সেয়া ৰাজ্যসমূহৰ ৰাজধানীলৈ প্ৰেৰণ কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ মাটিখিনি ৰাষ্ট্ৰীয় ৰাজধানীলৈ প্ৰেৰণ কৰা হ'ব, যাৰ সৈতে হাজাৰ হাজাৰ অমৃত কলশ যাত্ৰীও ৰাজধানীত উপসস্থিত হ’বহি।

৩০ অক্টোবৰ, ২০২৩ তাৰিখে, ‘অমৃত কলশ যাত্ৰা’ত তেওঁলোকৰ নিজ নিজ খণ্ড আৰু নগৰীয় স্থানীয় সংস্থাসমূহৰ প্ৰতিনিধিত্ব কৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে তেওঁলোকৰ কলহৰ পৰা মাটিখিন 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ আবেগ সংপৃক্ত এটা ‘বিয়াগোম অমৃত কলহ’ত সংগ্ৰহ কৰিব। ৩১ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ পৰা এই কাৰ্যসূচীত যোগদান কৰা হাজাৰ হাজাৰ ‘অমৃত কলশ যাত্ৰী’ক সম্বোধি ভাষণ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা ‘অমৃত বতিকা’ আৰু ‘অমৃত মহোৎসৱ স্মাৰক’ দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা সংগ্ৰহ কৰা মাটিৰে ‘কৰ্তব্য পথ’ত নিৰ্মাণ কৰা হৈছে।

‘মেৰী মাটি মেৰা দেশ’ অভিযানক 'আজাদী কা অমৃত মহোৎসৱ'ৰ এক সমাপ্তি অনুষ্ঠান হিচাপেও পৰিকল্পনা কৰা হৈছিল। ‘আজাদী কা অমৃত মহোৎসৱ ২০২১’ চনৰ ১২ মাৰ্চত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিবলৈ আৰম্ভ হৈছিল। ইয়াৰ পিছত সমগ্ৰ দেশতে উৎসাহী জনসাধাৰণৰ অংশগ্ৰহণেৰে দুই লাখতকৈয়ো অধিক কাৰ্যসূচী আয়োজন কৰা হৈছে।

মাই ভাৰত

‘মেৰা যুৱ ভাৰত’ (‘মাই ভাৰত’) দেশৰ যুৱ-প্ৰজন্মৰ বাবে ‘ৱান ষ্টপ হল অব গভাৰ্নমেণ্ট মঞ্চ’ হিচাপে কাম কৰাৰ বাবে এক স্বায়ত্তশাসিত সংস্থা হিচাপে প্ৰতিষ্ঠা কৰা হৈছে। দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতীক ন্যায়সঙ্গত সুযোগ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পোষণ কৰি অহা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ‘মাই ভাৰত’-য়ে চৰকাৰৰ সমগ্ৰ কাৰ্যক্ৰমত এক সক্ষম প্ৰণালী প্ৰদান কৰাৰ বাবে প্ৰযুক্তিৰ সুবিধা ল'ব যাতে তেওঁলোকে তেওঁলোকৰ সমূহ উপলব্ধ কৰিব পাৰে আৰু 'বিকশিত ভাৰত' গঢ়ি তোলাত অৰিহণা যোগাব পাৰে। ‘মাই ভাৰত’ৰ উদ্দেশ্য হৈছে যুৱসকলক সমাজৰ ৰূপান্তৰণৰ ঘটক আৰু ৰাষ্ট্ৰ নিৰ্মাতা হ'বলৈ অনুপ্ৰাণিত কৰা, আৰু তেওঁলোকক চৰকাৰ আৰু নাগৰিকসকলৰ মাজত 'যুৱ সেতু' হিচাপে কাম কৰিবলৈ সক্ষম কৰা। এই অৰ্থত, 'মাই ভাৰত'য়ে দেশত 'যুৱ নেতৃত্বৰ উন্নয়ন'ক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰিব।

 

 

***

DS/LP/KB



(Release ID: 1972953) Visitor Counter : 93