প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘এছিয়ান পেৰা গে’মছ’ত দবা খেল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰা কিষাণ গাংগোলী, আৰ্যন যোশী, সোমেন্দ্ৰক অভিনন্দন জনায় প্ৰধানমন্ত্ৰীয়ে

Posted On: 28 OCT 2023 8:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ ‘এছিয়ান পেৰা গেমছ’ত পুৰুষৰ ‘দবা বি-২’ শ্ৰেণীৰ দলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে কিষাণ গাংগোলী, আৰ্যন যোশী আৰু সোমেন্দ্ৰক অভিনন্দন জ্ঞাপন কৰে। 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে: 

"পুৰুষৰ ‘দবা বি-২’ শ্ৰেণীৰ দলত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে কিষাণ গাংগোলী, আৰ্য যোশী আৰু সোমেন্দ্ৰক বিশাল অভিনন্দন জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনাইছোঁ।"

****

DS/RT/KB



(Release ID: 1972925) Visitor Counter : 78