প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত দবাত সোণৰ পদক লাভ কৰা দৰ্পন ইনানীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
28 OCT 2023 11:50AM by PIB Guwahati
আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ দবাত স্বৰ্ণ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্পন ইনানীক অভিনন্দন জনায়।
তেখেতে কয় যে ইনানীৰ এই জয়ে বিশ্বব্যাপী ভাৰতৰ ব্যতিক্ৰমী প্ৰতিভাৰ সাক্ষ্য বহন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি১ কেটেগৰী (ব্যক্তিগত)ত লক্ষণীয় প্ৰদৰ্শনৰ বাবে দৰ্পন ইনানীক অভিনন্দন জনালোঁ।
অটল শক্তি আৰু দৃঢ়তাৰ ফলশ্ৰুতিত তেওঁ স্বৰ্ণ পদক লাভেই নহয়, বৰঞ্চ বিশ্ব মঞ্চত ভাৰতৰ ব্যতিক্ৰমী প্ৰতিভাকো প্ৰদৰ্শন কৰিছে।"
****
DS/RT/SB
(रिलीज़ आईडी: 1972768)
आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam