পোষ্ট কৰা হৈছে:
25 OCT 2023 6:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ‘এছিয়ান পেৰা গে’মছ ২০২২’ত মহিলাৰ ‘পেৰা পাৱাৰলিফটিং-ৰ ৬১ কিলোগ্ৰাম প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে জয়নাব খাতুনক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"জয়নাব খাতুনক অতুলনীয় সাফল্যৰ বাবে অভিনন্দন জনাইছোঁ। মহিলাৰ ‘পেৰা পাৱাৰলিফটিং-ৰ ৬১ কিলোগ্ৰাম’ত এয়া তেওঁৰ বাবে এক সুন্দৰ প্ৰাপ্তি। জয়নাবৰ অতুলনীয় সংকল্প আৰু প্ৰতিশ্ৰুতিবদ্ধতা নিতান্তই লক্ষণীয়। তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ।"
*****
DS/TS/KB