প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত মহিলাৰ P2 - ১০ মিটাৰ এয়াৰ পিষ্টল SH1 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছৰ, প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
24 OCT 2023 7:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত মহিলাৰ P2 - ১০ মিটাৰ এয়াৰ পিষ্টল SH1 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছক অভিনন্দন জনায়।
তেওঁ ৰুবিনাৰ অবিশ্বাস্য নিষ্ঠা আৰু অধ্যৱসায়ক প্ৰশংসা কৰি ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -
“এছিয়ান পেৰা গেমছত মহিলাৰ P2 ১০ মিটাৰ এয়াৰ পিষ্টল SH1 ইভেণ্টত ৰুবিনা ফ্ৰান্সিছৰ এক অনবদ্য ব্ৰঞ্জ জয়। ৰুবিনাৰ অবিশ্বাস্য নিষ্ঠা আৰু অধ্যৱসায়ে এয়া সম্ভৱ কৰি তুলিছে। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।”
******
DS/TS
(रिलीज़ आईडी: 1971412)
आगंतुक पटल : 119
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam