কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

উত্তৰাখণ্ডৰ জমৰাণী বান্ধ বহুমুখী প্ৰকল্পক প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা-ত্বৰান্বিত জলসিঞ্চন সুবিধা কাৰ্য্যক্ৰম (PMKSY-AIBP)ৰ অধীনস্থকৰণত অনুমোদন অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিৰ

পিএমকেএছৱাই-এআইবিপিৰ অধীনত প্ৰকল্পটোৰ বেলেন্স ৱৰ্কৰ উপাংশসমূহৰ বাবে ৯০ (কেন্দ্ৰ):১০ (ৰাজ্য) অনুপাতত কেন্দ্ৰীয় সাহায্য

উত্তৰাখণ্ডলৈ ১,৫৫৭.১৮ কোটি টকাৰ কেন্দ্ৰীয় সাহায্যকে প্ৰমুখ্য কৰি প্ৰকল্পটোৰ আনুমানিক ব্যয় ২,৫৮৪.১০ কোটি টকা

প্ৰকল্পটোৰ নিৰ্ধাৰিত সময়সীমা মাৰ্চ, ২০২৮

উত্তৰাখণ্ডৰ নৈনিতাল আৰু উধম সিং নগৰ জিলা তথা উত্তৰ প্ৰদেশৰ ৰামপুৰ আৰু বেৰেলী জিলাত ৫৭ হাজাৰ হেক্টৰৰ অতিৰিক্ত জলসিঞ্চন

তদুপৰি, হালদ্বাণী আৰু সমীপৱৰ্তী অঞ্চললৈ ৪২.৭০ নিযুত ঘনমিটাৰ (MCM) খোৱাপানী যোগানৰ ফলত ১০.৬৫ লাখৰো অধিক লোক উপকৃত হ’ব

১৪ মেগাৱাট শক্তি প্ৰকল্প সংস্থাপিত ক্ষমতাৰে প্ৰায় ৬৩.৪ নিযুত ইউনিট জল বিদ্যুৎ উৎপাদন

Posted On: 25 OCT 2023 3:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে (CCEA) উত্তৰাখণ্ডৰ জমৰাণী বান্ধ বহুমুখী প্ৰকল্পক জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগৰ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা-ত্বৰান্বিত জলসিঞ্চন সুবিধা কাৰ্য্যক্ৰম (PMKSY-AIBP)ৰ অধীনস্থ কৰিবলৈ অনুমোদন জনাইছে।

চিচিইএয়ে উত্তৰাখণ্ডলৈ ১,৫৫৭.১৮ কোটি টকাৰ কেন্দ্ৰীয় সাহায্যকে প্ৰমুখ্য কৰি ২০২৮ৰ মাৰ্চৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণকৰণৰ অৰ্থে ২,৫৮৪.১০ কোটি টকা আনুমানিক ব্যয়ত অনুমোদন জনাইছে।

এই প্ৰকল্পৰ অধীনত উত্তৰাখণ্ডৰ নৈনিতাল জিলাৰ ৰাম গংগা নদীৰ উপনৈ গোলা নদীৰ সিপাৰে জমৰাণী গাঁৱৰ সমীপত এটা বান্ধ নিৰ্মাণৰ কথা চিন্তা কৰা হৈছে। এই বান্ধটোৱে ইয়াৰ ৪০.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ কেনেল ব্যৱস্থাৰ জৰিয়তে বৰ্তমানৰ গোলা বান্ধক (barrage) সহায় কৰিব। ইয়াৰ পূৰ্বে, ২৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কেনেল ব্যৱস্থাৰ ১৯৮১ত সম্পূৰ্ণ হৈছিল।

প্ৰকল্পটোৱে উত্তৰাখণ্ডৰ নৈনিতাল আৰু উধাম সিং নগৰ জিলা তথা উত্তৰ প্ৰদেশৰ ৰামপুৰ আৰু বেৰেলী জিলাৰ ৫৭,০৬৫ হেক্টৰ ভূমিত (উত্তৰাখণ্ডৰ ৯,৪৫৮ হেক্টৰ আৰু উত্তৰ প্ৰদেশৰ ৪৭,৬০৭ হেক্টৰ) অতিৰিক্ত জলসিঞ্চনৰ পৰিকল্পনা কৰিছে। দুটা নতুন ফিডাৰ কেনেল নিৰ্মাণৰ উপৰিও, এই প্ৰকল্পৰ অধীনত ২০৭ কিলোমিটাৰৰ বৰ্তমানৰ কেনেলৰ সংস্কাৰ সাধনৰ লগতে ২৭৮ কিলোমিটাৰৰ পকী ফিল্ড চেনেলকো সামৰি লোৱা হ’ব। তদুপৰি, প্ৰকল্পটোৱে ১৪ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লগতে হালদ্বাণী আৰু সমীপৱৰ্তী অঞ্চলসমূহলৈ ৪২.৭০ নিযুত ঘনমিটাৰ (MCM) খোৱাপানী যোগানৰ পৰিকল্পনাও কৰিছে। ইয়াৰ ফলত ১০.৬৫ লাখৰো অধিক লোক উপকৃত হ’ব।

প্ৰকল্পটোৰ জলসিঞ্চনৰ ব্যৱস্থাৰ এক গুৰু অংশ চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশলৈ প্ৰবাহিত হ’ব আৰু ২০১৭ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি (MoU) অনুসৰি, দুয়োখন ৰাজ্যৰ মাজত ব্যয়/লাভৰ ভাগ-বতৰা কৰা হ’ব। অৱশ্যে, উত্তৰাখণ্ডই সম্পূৰ্ণৰূপে খোৱাপানী আৰু শক্তিৰ সুবিধা লাভ কৰিব।

 

পটভূমিঃ

২০১৫-১৬ বৰ্ষত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ (PMKSY) শুভাৰম্ভ কৰা হৈছিল। ইয়াৰ লক্ষ্য আছিল নিশ্চিত জলসিঞ্চনৰ অধীনত পামত পানীৰ উপলব্ধতা বৃদ্ধি কৰা আৰু কৃষি-কাৰ্য্যৰ বাবে যোগ্য ক্ষেত্ৰৰ সম্প্ৰসাৰণ, পামত পানী ব্যৱহাৰৰ কাৰ্য্যক্ষমতাৰ অগ্ৰগতি সাধন, বহনক্ষম পানী সংৰক্ষণ পদ্ধতিৰ প্ৰৱৰ্তন আদি। ভাৰত চৰকাৰে ২০২১-২৬ত পিএমকেএছৱাই ৰূপায়ণত অনুমোদন জনাইছে যাৰ সামগ্ৰিক ব্যয় হৈছে ৯৩,০৬৮.৫৬ কোটি টকা (কেন্দ্ৰীয় সাহায্য ৩৭,৪৫৪ কোটি টকা)। বৃহৎ আৰু মজলীয়া জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে জলসিঞ্চনৰ সম্ভাৱনা সৃষ্টিৰ বাবে পিএমকেএছৱাইৰ ত্বৰান্বিত জলসিঞ্চন সুবিধা কাৰ্য্যক্ৰম (AIBP) ৰূপায়ণ কৰা হৈছে। এই পৰ্য্যন্ত, পিএমকেএছৱাই-এআইবিপিৰ অধীনত ৫৩টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ২৫.১৪ লাখ হেক্টৰ অতিৰিক্ত জলসিঞ্চনৰ সম্ভাৱনা সৃষ্টি হৈছে। ২০২১-২২ ৰপৰা পিএমকেএছৱাই ২.০ৰ এআইবিপি উপাংশৰ পিছত ছটা প্ৰকল্প অন্তৰ্ভুক্ত হৈছে। জমৰাণী বান্ধ বহুমুখী প্ৰকল্প হৈছে এই তালিকাত অন্তৰ্ভুক্ত হোৱা সপ্তমটো প্ৰকল্প।

******

DS/SKS/SB/PN



(Release ID: 1970998) Visitor Counter : 74