প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ ১ নম্বৰৰ খেলুৱৈ মেগনাছ কাৰ্লছনৰ বিৰুদ্ধে জয়লাভ কৰাত কাৰ্তিকেয়ন মুৰলীৰ শলাগ লয়

Posted On: 19 OCT 2023 6:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে কাটাৰ মাষ্টাৰ্ছ ২০২৩ প্ৰতিযোগিতাত বিশ্বৰ ১ নম্বৰৰ খেলুৱৈ মেগনাছ কাৰ্লছনৰ বিৰুদ্ধে জয়লাভ কৰাত কাৰ্তিকেয়ন মুৰলীৰ শলাগ লৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"@KarthikeyanM64 ক অভিনন্দন, যি কাটাৰ মাষ্টাৰ্ছ ২০২৩ত উৎকৃষ্ট প্ৰদৰ্শন কৰিলে। তেওঁৰ এই সফলতাই ভাৰতক অতিশয় গৌৰৱান্বিত কৰিছে।

কাৰ্তিকেয়ন মুৰলীয়ে বৰ্তমানৰ চেছ চেম্পিয়ন তথা বিশ্বৰ ১ নম্বৰৰ খেলুৱৈ মেগনাছ কাৰ্লছনক পৰাস্ত কৰাৰ অতুলনীয় প্ৰাপ্তি আহৰণ কৰিলে।

তেওঁ নিজৰ খেল অব্যাহত ৰাখক আৰু খেলৰ পৰৱৰ্তী পৰ্যায় তথা অন্যান্য প্ৰতিযোগিতাসমূহৰ বাবে তেওঁক শুভকামনা জনাইছোঁ।"

**********



(Release ID: 1969247) Visitor Counter : 88