তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিলে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৱাহিদা ৰেহমান মহিলা সবলীকৰণৰ প্ৰজ্জ্বলিত শিখা হৈ উঠাৰ এক উদাহৰণ: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু

শিল্পীসকলে পৰিৱৰ্তনৰ ৰূপকাৰ, উৎকৃষ্টতাৰ মান নিৰ্ধাৰণ কৰি উন্নত ভাৰত গঢ়ি তুলিছে : শ্ৰীমতী মুৰ্মু

কোনো বিষয় আঞ্চলিক নহয়, ভাল আঞ্চলিক বিষয়ে বিশ্বব্যাপী দৰ্শকক আকৰ্ষণ কৰিব : শ্ৰী অনুৰাগ ঠাকুৰ

চৰকাৰে চলচ্চিত্ৰৰে জড়িতসকলৰ পক্ষত আছে, পাইৰেচীৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব,শীঘ্ৰেই এভিজিচিৰ বিষয়ত কৰা হ’ব নীতি নিৰ্ধাৰণ : শ্ৰী ঠাকুৰ

Posted On: 17 OCT 2023 6:10PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ অধীনত ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত  শ্ৰীমতী ৱাহিদা ৰেহমানক সন্মানীয় দাদা চাহেব ফালকে বঁটা প্ৰদান কৰা হয়।অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ , কেন্দ্ৰীয় তথ্য আৰু  সম্প্ৰচাৰ মন্ত্ৰালয়ৰ  ৰাজ্যিক মন্ত্ৰীড০ এল মুৰুগান, তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰী অপূৰ্ব চন্দ্ৰ , জুৰিৰ অধ্যক্ষ  আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল ।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্ৰীমতী ৱাহিদা ৰেহমানক অভিনন্দন জনায় আৰু কয়  যে তেওঁ তেওঁৰ কলা আৰু ব্যক্তিত্বৰে চলচ্চিত্ৰ উদ্যোগৰ শীৰ্ষত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আনকি ব্যক্তিগত জীৱনতো তেওঁ এগৰাকী মৰ্যাদাসম্পন্ন, আত্মবিশ্বাসী আৰু নিজস্ব মৌলিকতাৰ মহিলা হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে। তেওঁ বহু চলচ্চিত্ৰ বাছনি কৰিছিল, য'ত তেওঁৰ চৰিত্ৰবোৰে সাধাৰণতে মহিলাৰ সৈতে সম্পৰ্কিত বহু বাধা ভাঙি আগুৱাই গৈছিল। ৱাহিদা ৰেহমানে  এনে এটা  উদাহৰণ দাঙি ধৰিছে যে মহিলাসকলে নিজেও মহিলা সবলীকৰণৰ বাবে উদ্যোগ লোৱা উচিত।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা সন্দৰ্ভত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিয়ে কয় যে বঁটা প্ৰদান অনুষ্ঠানটোৱে ভাৰতৰ বৈচিত্ৰ্য আৰু ইয়াত অন্তৰ্নিহিত ঐক্যৰ ছবি অংকন কৰিছে। তেওঁ লগতে কয় যে অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিভাশালী লোকসকলে বহুতো ভাষা, আঞ্চলিক বৈশিষ্ট্য, সামাজিক বিশ্বাস, সাফল্য আৰু সমস্যাক অৰ্থপূৰ্ণ অভিব্যক্তি প্ৰদান কৰিছে । লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বহু প্ৰজন্ম আৰু শ্ৰেণীৰ লোক একত্ৰিত হৈছে বুলিও তেওঁ কয়। 

চলচ্চিত্ৰ সৈতে জড়িতসকল আৰু শিল্পীসকলক পৰিৱৰ্তনৰ ৰূপকাৰ  বুলি অভিহিত কৰি তেওঁ কয় যে তেওঁলোকে  চলচ্চিত্ৰৰ জৰিয়তে তেওঁলোকে ভাৰতীয় সমাজৰ বৈচিত্ৰ্যময় বাস্তৱতাৰ  পৰিচয় দাঙি ধৰিছে। তেওঁ লগতে কয়  যে চিনেমা আমাৰ সমাজৰ এখন দস্তাবেজ আৰু ইয়াক উন্নত কৰাৰ এটা মাধ্যম । লগতে ছবিজগতৰ লোকসকলৰ কামে মানুহক ইজনে সিজনৰ সৈতে সংযুক্ত কৰিব পাৰে বুলিও মুৰ্মুৱে উল্লেখ কৰে। 
শ্ৰীমতী মুৰ্মুৱে বিশ্বাস ব্যক্ত কৰে যে প্ৰতিভাৰে সমৃদ্ধ এখন দেশত চিনেমাৰ সৈতে জড়িত লোকসকলে বিশ্বমানৰ উৎকৰ্ষতাৰ নতুন মান নিৰ্ধাৰণ কৰি থাকিব আৰু এখন উন্নত ভাৰত গঢ়াত চলচ্চিত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগকলৈ  গৌৰৱ প্ৰকাশ কৰি কয় যে আজি একোৱেই আঞ্চলিক নহয়, যদি বিষয়বস্তু ভাল হয়, আঞ্চলিক বিষয়েও  বিশ্বব্যাপী দৰ্শক বিচাৰি পাব। কিংবদন্তীৰ শ্ৰীমতী ৱাহিদা ৰেহমানৰ বিষয়ে উল্লেখ কৰি  শ্ৰী ঠাকুৰে কয় যে যিটো সময়ত  ভাৰতীয় চলচ্চিত্ৰই  আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিছে, সেই সময়তে  তেওঁৰ বাবে এনে ধৰণৰ খ্যাতিৰ দাবী সংৰক্ষিত হৈ আছে। তেওঁ ৰেহমানক দাদাচাহেব ফালকে বঁটা লাভ  কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

মন্ত্ৰীগৰাকীয়ে দৰ্শকসকলক উদ্দেশ্যি কয়  যে চৰকাৰে চলচ্চিত্ৰৰ পাইৰেচী প্ৰতিৰোধৰ প্ৰচেষ্টাত ছবি উদ্যোগটোৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে আৰু চৰকাৰে চিনেমাটোগ্ৰাফ আইন আনিছে, যি আইনে  এনে বিপদ নিয়ন্ত্ৰণৰ বাবে এক ডাঙৰ পদক্ষেপ হিচাবে পৰিগণিত হ’ব। ভাষণ প্ৰসংগত  মন্ত্ৰীগৰাকীয়ে ভাৰতত এভিজিচি খণ্ডৰ সম্ভাৱনাৰ বিষয়ে কয় আৰু উল্লেখ কৰে যে চৰকাৰে সেই সন্দৰ্ভত এক নীতি প্ৰস্তুত কৰিবলৈ গৈ আছে আৰু ই ভাৰতক 'বিশ্বৰ সমল কেন্দ্ৰ' হিচাপে ইয়াৰ সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰিব।

২০২১ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি সচিব শ্ৰী অপূৰ্ব চন্দ্ৰই কয় যে সেয়া কোভিড ১৯ৰ  বছৰ আছিল, যেতিয়া চিনেমা হলসমূহ বন্ধ হৈ পৰিছিল আৰু উদ্যোগটোৱে সংগ্ৰাম কৰিবলগীয়া হৈছিল। অৱশ্যে, আমি দ্ৰুততাৰে উভতি আহিছো আৰু এতিয়া দেশ আৰু চলচ্চিত্ৰ উদ্যোগ দুয়োটাই বিকাশৰ পথলৈ উভতি আহিছে । বিগত তিনিমাহ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় বুলিও তেওঁ কয় । তেওঁ লগতে কয় যে যদিও বক্স অফিচত সফলতা গুৰুত্বপূৰ্ণ, চলচ্চিত্ৰ বঁটাসমূহে গুণগত মান নিৰ্ধাৰণ  কৰে। শ্ৰী চন্দ্ৰই দাদাচাহেব ফালকে বঁটা লাভ কৰাৰ বাবে শ্ৰীমতী ৱাহিদা ৰেহমানলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

পুৰস্কাৰৰ সম্পূৰ্ণ তালিকা তলৰ লিংকত পোৱা যাব

https://pib.gov.in/PressReleasePage.aspx?PRID=1951758

                                                                   


 
অনুষ্ঠানটোৰ লাইভষ্ট্ৰীম তলৰ লিংকত উপলব্ধ

 

 

*********
 



(Release ID: 1968585) Visitor Counter : 97