প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বহু বছৰৰ পিছত ‘পাৰ্বতী কুণ্ড’ আৰু ‘জগেশ্বৰ মন্দিৰ’লৈ উভতি আহিবলৈ পোৱাটো দৰাচলতেই বিশেষ বুলি অনুভৱ হৈছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 14 OCT 2023 11:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ কুমাওঁ অঞ্চলৰ ‘পাৰ্বতী কুণ্ড’ আৰু ‘জগেশ্বৰ মন্দিৰ’ ভ্ৰমণৰ বাবে পৰামৰ্শ আগবঢ়াইছে। 

তেওঁ ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয:

"যদি কোনোবাই মোক সোধে- উত্তৰাখণ্ডৰ কোনো ডোখৰ ঠাই নিশ্চিত ভাবে ভ্ৰমণ কৰাটো আপুনি উচিত বুলি ভাবে, মই ক'ম যে আপোনালোকে ৰাজ্যখনৰ কুমাওঁ অঞ্চলৰ ‘পাৰ্বতী কুণ্ড’ আৰু ‘জগেশ্বৰ মন্দিৰ’ দৰ্শন নিশ্চিত ভাবেই কৰা উচিত। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু দৈৱত্বই আপোনালোকক মন্ত্ৰমুগ্ধ কৰি তুলিব। 

অৱশ্যে, উত্তৰাখণ্ডত ভ্ৰমণৰ যোগ্য বহুতো সুপৰিচিত স্থান আছে আৰু মই প্ৰায়েই ৰাজ্যখন ভ্ৰমণ কৰি আহিছোঁ। ইয়াত অন্তৰ্ভুক্ত আছে ‘কেদাৰনাথ’ আৰু ‘বদ্ৰীনাথ’ৰ পৱিত্ৰ স্থান দৰ্শন, যি হৈছে আটাইতকৈ স্মৰণীয় অভিজ্ঞতা। কিন্তু, বহু বছৰৰ পিছত ‘পাৰ্বতী কুণ্ড’ আৰু ‘জগেশ্বৰ মন্দিৰ’লৈ উভতি আহিবলৈ পোৱাটো দৰাচলতেই বিশেষ বিশেষ বুলি অনুভৱ হৈছে।"

*****

DS/SK/KB


(रिलीज़ आईडी: 1967762) आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam