প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘দিল্লী-এনচিআৰ-ত বায়ু প্ৰদূষণ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কৰ্মবাহিনী’ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই

‘দিল্লী-এনচিআৰ’ত বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু হ্ৰাসকৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰে

‘পৰিচ্ছন্ন ইন্ধন’ আৰু ‘ই-বাহন’লৈ স্থানান্তৰণ, লগতে ‘ইভি চাৰ্জিং’ আন্তঃগাঁথনি বিকাশৰ পোষকতা

‘জিআৰএপি’-ত তালিকাভুক্ত কাৰ্যবোৰ কঠোৰভাৱে ৰূপায়ণ কৰাৰ আহ্বান

সমগ্ৰ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত ধানৰ নৰা জ্বলোৱাৰ পৰম্পৰা হ্ৰাস কৰাটো নিশ্চিত কৰক: প্ৰধান সচিব

‘দিল্লী-এনচিআৰ’ত প্ৰতিকূল বায়ুৰ মান সম্পৰ্কীয় সমস্যাৰে মোকাবিলা কৰাৰ বাবে প্ৰস্তুতি উন্নতকৰণৰ একাধিক পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত

Posted On: 13 OCT 2023 6:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত (পিএমঅ') আজি অনুষ্ঠিত ‘দিল্লী এনচিআৰ-ত ‘বায়ু প্ৰদূষণ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কৰ্মবাহিনী’ৰ বৈঠকখনত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই সভাপতিত্ব কৰে। শীতকাল ওচৰ চাপি অহাৰ লগে লগে ‘দিল্লী-এনচিআৰ’ত উন্নত বায়ুৰ মান সম্পৰ্কীয় সমস্যাৰে মোকাবিলা কৰাৰ বাবে সকলো অংশীদাৰী পক্ষৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ বৈঠকখন অনুষ্ঠিত কৰা হৈছিল।

বৈঠকত প্ৰধান সচিবগৰাকীয়ে যানবাহনৰ প্ৰদূষণ; নিৰ্মাণ আৰু ধ্বংস (চি এণ্ড ডি) কাৰ্যকলাপৰ পৰা ধূলি; ৰাস্তা আৰু ‘আৰঅ’ডব্লিউ’-ৰ পৰা ধুলি; পৌৰ নিগমৰ কঠিন আৱৰ্জনা (এমএছডব্লিউ), ‘বায়োমাছ’ আৰু ‘এমআইএছচি’ আৱৰ্জনা; ধানৰ নৰা জ্বলোৱা; আৰু বিক্ষিপ্ত উৎস আদিৰ লগতে ঔদ্যোগিক প্ৰদূষণকে ধৰি বায়ু প্ৰদূষণৰ বিভিন্ন উৎসৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। বৈঠকৰ সময়ত বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে সেউজীয়াকৰণ আৰু বৃক্ষৰোপণৰ প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰা হয়।

মুখ্য সচিবগৰাকীয়ে ‘গ্ৰেডেড ৰেচপন্স একচন প্লেন’ (জিআৰএপি)ৰ ৰূপায়ণ, ইয়াৰ নিৰীক্ষণ আৰু ক্ষেত্ৰ পৰ্যায়ত ইয়াৰ প্ৰৱৰ্তন উন্নতকৰণ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰে। তেওঁ কয় যে বায়ুৰ মানৰ অৱনতি প্ৰতিহত কৰিবলৈ সংশ্লিষ্ট সকলোৰে দ্বাৰা জিআৰএপিত তালিকাভুক্ত কাৰ্যকলাপৰ কঠোৰ ৰূপায়ণ কৰাটো নিতান্তই গুৰুত্বপূৰ্ণ। 

‘চিএকিউএম’-ৰ অধ্যক্ষ ড. এম. এম. কুট্টিয়ে জনায় যে এনচিআৰৰ উদ্যোগবোৰত পৰিচ্ছন্ন ইন্ধনৰ ব্যৱহাৰযোগ্য  কৰি তোলা হৈছে আৰু ২৪০ টা ঔদ্যোগিক এলেকাৰ ভিতৰত ইতিমধ্যে প্ৰায় ২১১টাত ‘চিএনজি’ সংযোগ প্ৰদান কৰা হৈছে। একেদৰে, ৭৭৫৯টা ইন্ধন-আধাৰিত উদ্যোগৰ ভিতৰত প্ৰায় ৭৪৪৯টা পিএনজি/অনুমোদিত ইন্ধনৰ ব্যৱহাৰযোগ্য কৰি তোলা হৈছে।

‘চিএকিউএম’-ৰ অধ্যক্ষগৰাকীয়ে লগতে অৱগত কৰে যে ই-বাহনৰ প্ৰচলন বৃদ্ধি হৈছে আৰু বৰ্তমান ‘এনচিআৰ’ত ৪,১২,৩৯৩ খন ‘ই-বাহন’ পঞ্জীয়ন কৰা হৈছে। ‘ই-বাছ’ আৰু ‘বেটাৰী চাৰ্জিং ষ্টেশ্যন’ৰ সংখ্যাও বৃদ্ধি পাইছে আৰু এতিয়া দিল্লীত ৪৭৯৩ টা ‘ইভি চাৰ্জিং পইণ্ট’ আছে।

‘নিৰ্মাণ আৰু ধ্বংস (চি এণ্ড ডি)প্ৰক্ৰিয়াকৃত আৱৰ্জনা ব্যৱস্থাপনা’ সন্দৰ্ভত ‘চিএকিউএম’-য়ে জনাই যে প্ৰতিদিনে ৫১৫০ টন কাৰ্যক্ষম ৫ টা ‘চি এণ্ড ডি’ আৱৰ্জনা প্ৰক্ৰিয়াকৰণ সুবিধা কাৰ্যকৰী কৰা হৈছে আৰু দিল্লীত বৰ্তামানে থকা ১০০০ ‘টিপিডি’ ক্ষমতাসম্পন্ন ব্যৱস্থাৰ লগতে আৰু এটা ব্যৱস্থাপনাৰ সংযোজন প্ৰক্ৰিয়া চলি আছে। সেইদৰে হাৰিয়ানাত ৬০০ টিপিডি ক্ষমতাসম্পন্ন ‘চি এণ্ড ডি’ সুবিধা কাৰ্যক্ষম হোৱাৰ লগতে ৭০০ টিপিডিৰ আন এটা প্ৰকল্পৰ কাম চলি আছে। উত্তৰ প্ৰদেশত, ১৩০০ ‘টিপিডি’ কাৰ্যক্ষম হৈ থকাৰ লগতে আৰু ২টা প্ৰকল্পৰ কাম চলি আছে। বৈঠকত সকলো ৰাজ্যক ‘চি এণ্ড ডি’ আৱৰ্জনা প্ৰক্ৰিয়াকৰণ ক্ষমতা বৃদ্ধি কৰিবলৈ অনুৰোধ কৰা হয়।

 

সমগ্ৰ পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত ধানৰ খেৰ জ্বলোৱা হ্ৰাস কৰাটো নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিবগৰাকী তিনিওখন ৰাজ্যৰ মুখ্য সচিবক বিষয়টো তীক্ষ্ণ নিৰীক্ষণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ ‘শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা’ (চিআৰএম) যন্ত্ৰৰ জৰিয়তে ধান খেতিৰ ক্ষেত্ৰভিত্তিক ব্যৱস্থাপনা আৰু জৈৱ-পচনকাৰী ব্যৱহাৰৰ পৰামৰ্শ দিয়ে। তেওঁ ভাৰতীয় কৃষি গৱেষণা পৰিষদক প্ৰযুক্তি উন্নত কৰিবলৈও পৰামৰ্শ দিয়ে। ধানৰ খেৰৰ এক্স চিটু ব্যৱস্থাপনা সম্পৰ্কে বৰ্ণনা কৰি তেওঁ ধানৰ খেৰৰ অৰ্থনৈতিক ব্যৱহাৰ বিকাশ সন্দৰ্ভত কাম কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ ধানৰ খেৰৰ কাৰ্যকৰী এক্স-চিটু ব্যৱহাৰৰ বাবে ‘বলিং’, ‘ব্ৰিকেটিং’ আৰু ‘পেলেটিং’ আদিৰ বাবে আন্তঃগাঁথনিৰ লগতে ‘বেল্ড ষ্ট্ৰাৰ’ৰ বাবে পৰ্যাপ্ত সঞ্চয় সুবিধা বিকশিত কৰাত গুৰুত্ব আৰোপ কৰে।  লগতে, তাপ বিদ্যুৎ প্ৰকল্পবোৰত ধানৰ খেৰক ইন্ধন হিচাপে ব্যৱহাৰত গুৰুত্ব দি ‘বায়োমাছ’ৰ সহ-প্ৰজ্বালনৰ বাবে নিৰ্ধাৰিত লক্ষ্যবোৰ কঠোৰভাৱে পালন কৰাৰ বিষয়েও আলোচনা কৰা হয়।

 

বৈঠকখনত ‘এনচিআৰ’ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বায়ু গুণমান ব্যৱস্থাপনা আয়োগ, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু দিল্লীৰ এনচিটি, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড আৰু সংশ্লিষ্ট ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড / ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড/ডিপিচিচিৰ উপৰিও পৰিৱেশ, কৃষি, শক্তি, পেট্ৰ'লিয়াম, পথ পৰিবহন আৰু ঘাইপথ, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিবসকলকে ধৰি মুখ্য অংশীদাৰীসকল উপস্থিত আছিল। পৰ্যালোচনা সভাত  উপস্থিত আছিল।

 

***

DS/KB/BM



(Release ID: 1967679) Visitor Counter : 93