প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ইজৰাইলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত আৰু আহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক আৰু সহমৰ্মিতা প্ৰকাশ

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ জনসাধাৰণে এই কঠিন সময়ত ইজৰাইলৰ কাষত সহমৰ্মিতাৰে থিয় দিছে

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে সন্ত্ৰাসবাদক কঠোৰ আৰু দ্বিধাহীনতাৰে গৰিহণা দিয়ে

ইজৰাইলত ভাৰতীয় নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ে প্ৰধানমন্ত্ৰীক আশ্বস্ত কৰে প্ৰধানমন্ত্ৰী নেতায়াঁহুৱে

Posted On: 10 OCT 2023 5:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতায়াঁহুৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে ইজৰাইলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত আৰু আহতসকলৰ প্ৰতি গভীৰ শোক আৰু সহানুভূতি প্ৰকাশ কৰি এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণ ইজৰাইলৰ সৈতে সংহতিৰে থিয় দিছে বুলি প্ৰকাশ কৰে।

তেওঁ পুনৰ কয় যে ভাৰতে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ তীব্ৰ আৰু দ্বিধাহীনভাৱে নিন্দা কৰে।

ইজৰাইলত থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়টোৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নেতায়াঁহুৱে সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থনৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

দুয়োগৰাকী নেতাই ঘনিষ্ঠ যোগাযোগত থাকিবলৈ মত পোষণ কৰে। 

***

DS/ST/RD

(Release ID: 1966544) Visitor Counter : 94