প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ী মহিলা স্কোৱাছ দলক উৎসাহ যোগালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
29 SEP 2023 8:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ী মহিলা স্কোৱাছ দলক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই কৃতিত্বৰ বাবে দীপিকা পাল্লিকাল, জোস্না চিনাপ্পা, অনাহত সিং আৰু তনভীক অভিনন্দন জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জয় কৰা আমাৰ মহিলা স্কোৱাছ দলক লৈ আনন্দিত হৈছো। মই @DipikaPallikal, @joshnachinappa, @Anahat_Singh13 আৰু তনভীক তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাইছো। মই লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
********
DS/ST/DS
(रिलीज़ आईडी: 1962535)
आगंतुक पटल : 104
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam