প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা ছেক্টৰ ২১ ৰপৰা ‘যশোভূমি দ্বাৰকা ছেক্টৰ ২৫’লৈ এয়াৰপ’ৰ্ট মেট্ৰ’ এক্সপ্ৰেছ লাইন ষ্টেচনৰ সম্প্ৰসাৰণৰ উদ্বোধন কৰে
प्रविष्टि तिथि:
17 SEP 2023 4:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যশোভূমি দ্বাৰকা ছেক্টৰ ২৫ত দ্বাৰকা ছেক্টৰ ২১ ৰপৰা এটা নতুন মেট্ৰ' ষ্টেচন 'যশোভূমি দ্বাৰকা ছেক্টৰ ২৫'লৈ দিল্লী এয়াৰপ'ৰ্ট মেট্ৰ' এক্সপ্ৰেছ লাইনৰ সম্প্ৰসাৰিত অংশ উদ্বোধন কৰে। এই নতুন মেট্ৰ' ষ্টেচনৰ তিনিটা চাবৱে' থাকিব যথাঃ ষ্টেচনটোৰপৰা প্ৰদৰ্শনী হল, সন্মিলন কেন্দ্ৰ আৰু চেন্ট্ৰেল এৰেনালৈ সংযোগী ৭৩৫ মিটাৰ দৈৰ্ঘ্যৰ চাবৱে'; আনটোৱে সমগ্ৰ দ্বাৰকা এক্সপ্ৰেছৱে'ৰ প্ৰৱেশ/প্ৰস্থান বিন্দুক সংযোগ কৰিছে; তৃতীয়টোৱে 'যশোভূমি'ৰ আগন্তুক প্ৰদৰ্শনী হলৰ ফয়'ৰৰ সৈতে মেট্ৰ' ষ্টেচনটোক সংযোগ কৰিছে।
তদুপৰি দিল্লী মেট্ৰ'য়ে এয়াৰপ'ৰ্ট এক্সপ্ৰেছ লাইনত মেট্ৰ' ৰেলৰ অপাৰেচনেল স্পীড প্ৰতি ঘন্টাত ৯০ ৰপৰা ১২০ কিঃমিঃলৈ বৃদ্ধি কৰিব। 'নতুন দিল্লী' ৰপৰা 'যশোভূমি দ্বাৰকা ছেক্টৰ ২৫'লৈ প্ৰায় ২১ মিনিট লাগিব।
প্ৰধানমন্ত্ৰীগৰাকী ঢৌলা কোৱান মেট্ৰ' ষ্টেচনৰপৰা মেট্ৰ'ত উঠি যশোভূমি দ্বাৰকা ছেক্টৰ ২৫ মেট্ৰ' ষ্টেচনত উপস্থিত হয়হি।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প'ষ্ট কৰেঃ
“দিল্লী মেট্ৰ'ত আনন্দৰ বন্যা বৈছে! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যশোভূমি সন্মিলন কেন্দ্ৰৰ পৰ্য্যায়-১ৰ উদ্বোধন কৰিবলৈ দ্বাৰকালৈ যাত্ৰাপথত ভিন্ন স্তৰৰ লোকসকলৰ সৈতে মত-বিনিময় কৰে।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প'ষ্ট কৰেঃ
“দ্বাৰকালৈ অহা-যোৱা কৰা স্মৰণীয় মেট্ৰ' যাত্ৰাত ভিন্ন স্তৰৰ সহ-যাত্ৰীসকলে ইয়াক অধিক বিশেষ কৰি তোলে।”
***
(रिलीज़ आईडी: 1958294)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam