প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 16 SEP 2023 1:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“শ্ৰী গুৰু গ্ৰন্থ চাহিব কালজয়ী প্ৰজ্ঞা আৰু সীমাহীন কৰুণাৰ পোহৰ হিচাপে ধৰা দিছে। ঈশ্বৰত্বত বিলীন হোৱা ইয়াৰ পদবোৰে সময় আৰু সীমা অতিক্ৰম কৰি লাখ লাখ লোকক প্ৰেম, ঐক্য আৰু শান্তিৰ পথলৈ লৈ যায়। ই আমাক মানৱতাক আকোৱালি ল’বলৈ, নিস্বাৰ্থ সেৱাক লালন-পালন কৰিবলৈ আৰু জীৱনৰ প্ৰতিটো দিশতে সমন্বয় বিচাৰিবলৈ অনুপ্ৰাণিত কৰে। শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পৰ্ব উপলক্ষ সকলোকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

***


(ৰিলিজ আই ডি : 1958059) অতিথি কক্ষ : 133