হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

আজি ‘স্বচ্ছতা হি সেৱা- ২০২৩’ মুকলি

স্বচ্ছতা কেৱল চৰকাৰী প্ৰতিখন আঁচনিতে নহয়, মানুহৰ জীৱন ধাৰণৰ সৈতেও জড়িত হৈ পৰিছে: কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদ্বীপ এছ পুৰী

বিগত ৯ বছৰত ১২ কোটি শৌচালয় নিৰ্মাণ কৰা হৈছে, যাৰ দ্বাৰা দেশখন মুকলিত শৌচ কৰাৰ পৰা মুক্ত হৈছে: শ্ৰী হৰদীপ এছ পুৰী

Posted On: 15 SEP 2023 3:51PM by PIB Guwahati

'স্বচ্ছ ভাৰত মিছন 'অন্ত্যদয় চে সৰ্বোদয়' দৰ্শনৰ এক উজ্জ্বল উদাহৰণ। ই আমাৰ চহৰসমূহৰ প্রান্তিক আৰু দুৰ্বল শ্ৰেণীসমূহক প্ৰাথমিকতা প্ৰদান কৰাৰ লগতে নগৰীয়া দৰিদ্ৰ লোকসকলক উন্নত আৰু স্বাৱলম্বী কৰাৰ চেষ্টা কৰিছে।' স্বচ্ছতা হি সেৱা – ২০২৩ ৰ শুভাৰম্ভণি অনুষ্ঠানত আজি ভাষণ প্ৰদান কৰি এইদৰে কয় গৃহ আৰু নগৰ পৰিক্ৰমা আৰু পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে।

স্বচ্ছ ভাৰত দিৱসৰ আৰম্ভণি হিচাপে, ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ, বাৰ্ষিক স্বচ্ছতা হি সেৱা (এছএইচএছ) পষেক স্বচ্ছ ভাৰত মিছন-নগৰ আৰু গ্ৰামীণৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হৈছে। এই পষেকৰ লক্ষ্য হৈছে ভাৰতীয় স্বচ্ছতা লীগ ২.০, চাফাই মিত্ৰ সুৰক্ষা শিবিৰ আৰু গণ পৰিচ্ছন্নতা অভিযানৰ দৰে বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে সমগ্ৰ দেশৰ কোটি কোটি নাগৰিকৰ অংশগ্ৰহণৰ লগতে একত্ৰিত কৰা।

এক ভাৰ্চুৱেল অনুষ্ঠানৰ জৰিয়তে জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে 'স্বচ্ছতা হি সেৱা কাৰ্যসূচী'ৰ উদ্বোধন কৰাৰ লগতে এই অনুষ্ঠানত উপস্থিত আছিল নগৰ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী কৌশল কিশোৰ,মহাজন,  খোৱা পানী আৰু অনাময় বিভাগৰ সচিব শ্ৰীমতী বিনী, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব মনোজ যোশী।  

এই অনুষ্ঠানতে লেহ, লাডাখ, পিম্প্ৰি, মহাৰাষ্ট্ৰ; মীৰাট, উত্তৰ প্ৰদেশ, লখিমপুৰ আৰু অসমৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁলোকৰ নিজ নিজ চহৰত স্বচ্ছতা সম্পৰ্কীয় কাৰ্যকলাপৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহৰ বিষয়ে প্ৰকাশ কৰে।

                                                  

অনুষ্ঠানত এছএইচএছ-২০২৩-ৰ এটা ভিডিঅ' মুকলিৰ উপৰিও অনুষ্ঠানটোত এছএইচএছ-২০২৩ৰ লগ', ৱেবছাইট আৰু পৰ্টেল মুকলি কৰা হয়। এই উপলক্ষে 'ইণ্ডিয়ান স্বচ্ছতা লীগ (আইএছএল) ২.০', 'চফাই মিত্ৰ সুৰক্ষা শিবিৰ' লগ’ আৰু 'নাগৰিক পৰ্টেল'ও মুকলি কৰা হয়।

'স্বচ্ছ ভাৰত মিছন' আৰু 'স্বচ্ছতা হি সেৱা' ২০২৩ ৰ শুভাৰম্ভৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি শ্ৰী হৰদীপ সিং পুৰীয়ে কয় যে, স্বচ্ছ ভাৰত মিছনৰ আগন্তুক নৱম বাৰ্ষিকী আৰু 'স্বচ্ছতা হি সেৱা' ২০২৩ৰ শুভাৰম্ভ উদযাপনৰ এক মুহূৰ্ত। এয়াই আমাৰ চহৰসমূহক পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিজকে পুনৰ নিশ্চিত কৰাৰ সময়। মন্ত্ৰীগৰাকীয়ে লগতে কয়, 'স্বচ্ছতা হি সেৱা পষেকৰ শুভাৰম্ভৰ লগে লগে আমি স্বচ্ছতাৰ উদ্দেশ্যে নিজকে পুনৰ সমৰ্পিত কৰিছোঁ।'

অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী ছি হৰদীপ সিং পুৰীয়ে উল্লেখ কৰি কয়, 'যেতিয়া মাননীয় প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা স্বচ্ছ ভাৰত অভিযান ঘোষণা কৰিছিল, তেতিয়া ইমান বৃহৎ পৰিমাণৰ পৰিৱৰ্তনৰ কথা আগতে কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ। তেতিয়া অনাময় ব্যৱস্থাৰ প্ৰদৰ্শন দুৰ্বল হোৱা স্বত্বেও, ভাৰতে অহা পাঁচ বছৰত অ'ডিএফৰ লক্ষ্য প্ৰাপ্ত কৰিব। ভাৰতৰ সকলো অৰ্থাৎ ৪৮৮৪ ইউএলবিয়েই (১০০%) এতিয়া মুকলিত শৌচমুক্ত (অ'ডিএফ)।

এছবিএমৰ দ্বাৰা অনা পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি শ্ৰী পুৰীয়ে কয় যে ৭৩.৬২ লাখ শৌচালয় (৬৭. ১ লাখ ব্যক্তিগত ঘৰুৱা শৌচালয় আৰু ৬.৫২ লাখ সামূহিক আৰু ৰাজহুৱা শৌচালয়) নিৰ্মাণ কৰি আমি লাখ লাখ নগৰাঞ্চলৰ দৰিদ্ৰ লোকক মৰ্যাদা আৰু সুস্বাস্থ্য প্ৰদান কৰিছোঁ। তেওঁ লগতে কয়, ভাৰতৰ ৯৫% ৱাৰ্ডত ১০০% ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ কৰা হয়। ৮৮% তকৈও অধিক ৱাৰ্ডত আৱৰ্জনাৰ উৎস পৃথকীকৰণ আছে। এইটো সম্ভৱ হৈছিল কিয়নো স্বচ্ছ ভাৰত মিছন এক সাধাৰণ চৰকাৰী কাৰ্যসূচীৰ পৰিৱৰ্তে 'জন আন্দোলন'লৈ পৰিণত হৈছিল।

শ্ৰী হৰদীপ সিং পুৰীয়ে লগতে গুৰুত্ব আৰোপ কৰে যে স্বচ্ছতা কেৱল প্ৰতিটো চৰকাৰী আঁচনিতে নহয়, নাগৰিকসকলৰ জীৱন ধাৰণৰ পথতো এক আধাৰশিলা নীতি হৈ পৰিছে।

এছবিএমৰ বৰ্তমানৰ সফলতাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি গৃহ আৰু নগৰ মন্ত্ৰীগৰাকীয়ে কয় যে, বিগত ন বছৰত ১২ কোটি শৌচালয় নিৰ্মাণ কৰা হৈছে, যাৰ ফলত দেশখন মুকলিত শৌচ কৰাৰ পৰা মুক্ত হৈছে। এই মিছনৰ আৰম্ভণিতে আমাৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰায় অস্তিত্বহীন আছিল, কিন্তু বৰ্তমান ই আকৰ্ষণীয় ৭৬%ত উপনীত হৈছে, আৰু শীঘ্ৰেই আমি ১০০% প্ৰাপ্ত কৰিম।'

তেওঁ লগতে জনায় যে স্বচ্ছ ভাৰত মিছন – নগৰ ২.০ (এছবিএম-ইউ ২.০)ৰ জৰিয়তে এই অভিযানৰ নগৰীয় উপাদান এতিয়া ২০২৬ চনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে আমাৰ সকলো চহৰক 'আৱৰ্জনা মুক্ত' কৰা আৰু বহু বছৰৰ পৰা থকা আৱৰ্জনাৰ ক্ষেত্ৰসমূহৰ উচিত ব্যৱস্থা গ্ৰহণ কৰা। এছ.বি.এম.-ইউ. ২.০-ৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত বিভিন্ন দিশ অন্তৰ্ভুক্ত থাকে, যাৰ ভিতৰত আছে সামগ্ৰী পুনৰুদ্ধাৰ সুবিধা (এম.আৰ.এফ.), আৱৰ্জনাৰ পৰা শক্তি প্ৰকল্প (ডব্লিউ.টি.ই. প্ৰকল্প), নিৰ্মাণ আৰু  আৱৰ্জনা ধ্বংস ব্যৱস্থাপনা, ৰিফিউজ ডিৰাইভড ফুৱেল (আৰ.ডি.এফ.) প্ৰকল্প, বৈজ্ঞানিক লেণ্ডফিল চাইট, আৰু উত্তৰাধিকাৰী আৱৰ্জনাৰ সঠিক ব্যৱস্থা গ্ৰহণ।

সামৰণি ভাষণত মন্ত্ৰীগৰাকীয়ে  প্ৰতিখন চহৰ, গাওঁ, ৱাৰ্ড আৰু চুবুৰীয়াই স্বচ্ছতাৰ বাবে তেওঁলোকৰ শ্ৰমদান (স্বেচ্ছামূলক শ্ৰমিক)ৰ অৱদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে। তেওঁ ব্যক্তিসকলক আমাৰ চহৰসমূহ যাতে আৱৰ্জনাৰ পৰা মুক্ত হয় তাৰ প্ৰতিশ্ৰুতি ল'বলৈ আৰু স্বচ্ছতা সম্পূৰ্ণ কৰাটো বাস্তৱত পৰিণত হ'বলৈ আহ্বান জনায়।

'স্বচ্ছতা হি সেৱা' সম্পৰ্কে:

স্বচ্ছ ভাৰত অভিযানৰ ৯ বছৰ উদযাপন কৰি  ২ অক্টোবৰ, ২০২৩ দিনটোত  স্বচ্ছ ভাৰত দিৱসৰ কেন্দ্ৰীকৰণ হিচাপে, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় (এম.ও.এইচ.ইউ.এ.) আৰু খোৱা পানী আৰু অনাময় বিভাগ, জল শক্তি মন্ত্ৰালয়ে অন্যান্য মন্ত্ৰালয়ৰ সহযোগত ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ, ২০২৩ লৈ 'স্বচ্ছতা হি সেৱা' পষেকৰ আয়োজন কৰিছে।  

এই মিছনৰ মেৰুদণ্ড হৈছে স্বচ্ছতাৰ বাবে জন আন্দোলন । এছএইচএছ ২০২৩ ৰ বিষয়বস্তু হৈছে "আৱৰ্জনা মুক্ত ভাৰত"। পষেকৰ অংশ হিচাপে অনুষ্ঠানসমূহে স্বচ্ছতা দিৱস ২০২৩ৰ বাবে এক হৈ কাম কৰিব আৰু ভাৰতক পৰিষ্কাৰ আৰু আৱৰ্জনা মুক্ত কৰাৰ বাবে সকলোৰে প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিব।

এছ.এইচ.এছ.-২০২৩এ স্বেচ্ছাসেৱী আৰু শ্ৰমদানৰ মনোভাৱৰ জৰিয়তে স্থানীয় সংস্থাসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৃশ্যমান উচ্চ ক্ৰম প্ৰাপ্ত কৰাৰ লগতে চাফাই মিত্ৰসকলৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। সকলো মন্ত্ৰালয় আৰু বিভাগে ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰাম্য আৰু নগৰৰ কাৰ্যালয়, উচ্চ পদযাত্ৰাৰ ৰাজহুৱা স্থান যেনে, বাছ আস্থান, ৰে'ল ষ্টেচন, সমুদ্ৰ তীৰ, পৰ্যটনস্থলী, চিৰিয়াখানা, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য, ঐতিহাসিক স্মৃতিস্তম্ভ, ঐতিহ্যক্ষেত্ৰ, নদীৰ ঘাট আদিত স্বচ্ছতা অভিযানৰ আয়োজন কৰিব।

এই কাৰ্যকলাপসমূহৰ ভিতৰত অন্তৰ্ভুক্ত থাকিব- সকলো গুৰুত্বপূৰ্ণ স্থানৰ পৰা আৱৰ্জনা আঁতৰ কৰা, উত্তৰাধিকাৰী আৱৰ্জনা পৰিষ্কাৰ কৰা, মেৰামতি, ৰং কৰা, পৰিষ্কাৰ কৰা, আৰু সকলো অনাময় সম্পদ যেনে আৱৰ্জনা পাত্ৰ, ৰাজহুৱা শৌচালয়, আৱৰ্জনাৰ স্থান, আৱৰ্জনা পৰিবহণ বাহন, আৰু সামগ্ৰী পুনৰুদ্ধাৰ সুবিধা, সংপৃক্ত বজাৰ, ৰাজহুৱা স্থান, আৰু এছবিএম দেৱাল ৰং কৰা স্বচ্ছতা কুইজৰ আয়োজন কৰা, বৃক্ষৰোপণ অভিযান, আদিৰ দৰে সকলো অনাময় সম্পদৰ ব্ৰেণ্ডিং।  স্বচ্ছতাৰ প্ৰতিশ্ৰতি আৰু স্বচ্ছতা ৰাণ ইত্যাদি।

এছ.এইচ.এছ.-২০২৩ৰ অধীনত আয়োজনৰ মুখ্য কাৰ্যকলাপসমূহ:

১. স্বচ্ছতা হি সেৱা – পষেকীয়া পৰিচ্ছন্নতা অভিযান

 

এই পষেকত স্বচ্ছতা বতাহত প্ৰতিধ্বনিত হ'ব কিয়নো সকলোৱে 'টুইন বিন' আৰু উৎস পৃথকীকৰণৰ বাবে বৃহৎ পৰিষ্কাৰ অভিযান আৰু উদ্ভাৱনীমূলক আৰু অনন্য সজাগতাৰ পদ্ধতিৰে আৱৰ্জনাৰ বিৰুদ্ধে যুঁজ দিব। এছ.এইচ.এছ. ২০২৩ৰ অংশ হিচাপে, ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়, পি.এছ.ইউ., ৰাজ্য চৰকাৰ আৰু স্থানীয় সংস্থাসমূহে বিভিন্ন স্থানত বৃহৎ পৰিচ্ছন্নতা অভিযানৰ আয়োজন কৰিব। পৰ্যটন মন্ত্ৰালয়ৰ অধীনত আন্তঃখণ্ড কাৰ্যকলাপসমূহ  উচ্চ পদযাত্ৰা পৰ্যটন স্থল/তীৰ্থযাত্ৰী স্থানসমূহ পৰিষ্কাৰ কৰা, ৰে'লৱে বিভাগৰ অধীনত, 'হৰ পাথৰী চাফ চুথাৰী'ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কাৰ্যকলাপেৰে ৰে'লৱে প্লেটফৰ্ম পৰিষ্কাৰ কৰা উচ্চ শিক্ষা আৰু বিদ্যালয়ৰ শিক্ষা বিভাগে বিশ্ববিদ্যালয় আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক এছ এইচ এছৰ কাৰ্যসূচীৰ বাবে জড়িত কৰিব, আনহাতে এমঅ'পিএনজি-এ পেট্ৰ’ল পাম্প আদিৰ মাজেৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সজাগতা অভিযানৰ আয়োজন কৰিব।

২. ভাৰতীয় স্বচ্ছতা লীগ ২.০

প্ৰথমটো ‘ইণ্ডিয়া স্বচ্ছতা লীগ’ৰ দ্বিতীয় সংস্কৰণে দেশখনত ধুমুহা গতিত লৈ যাবলৈ সাজু হৈছে। যুৱক-যুৱতীসকলৰ নেতৃত্বত আই এছ এলৰ দ্বিতীয় ছিজনটোৱে আৰু অধিক ৰোমাঞ্চকৰ আৰু আমোদজনক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লীগ কৰি তুলিবলৈ গৈ আছে। যুৱ নেতৃত্বাধীন দলৰ জৰিয়তে ১৭ ছেপ্টেম্বৰত ৪,০০০ তকৈও অধিক নগৰ দলে আৱৰ্জনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ সাজু হৈছে। এই বছৰ, নগৰৰ গোটসমূহে সমুদ্ৰ তীৰ, পাহাৰ আৰু পৰ্যটনস্থলী পৰিষ্কাৰৰ বাবে সমদল কৰিব। আইএছএল ২.০ য়ে এই পষেকত স্বচ্ছতাৰ বাবে নিৰন্তৰ কৰা স্বচ্ছতা লীগে স্বচ্ছ ভাৰত অভিযানৰ অধীনত যুৱকাৰ্যৰ বাবে অনুঘটক হিচাপে কাম কৰিব।

৩. চাফাই মিত্ৰ সুৰক্ষা শিবিৰ

আমি স্বচ্ছ ভাৰত মিছন-নগৰআৰু দুবছৰৰ এছবিএম-ইউ 2.0 সম্পূৰ্ণ কৰাৰ লগে লগে আৰু মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে, ১৭ ছেপ্টেম্বৰ, ২০২৩ তাৰিখৰ পৰা সমগ্ৰ দেশৰ বিভিন্ন চহৰে চাফাই মিত্ৰ সুৰক্ষা শিবিৰৰ ৰূপত ছিংগল ৱিনড' ৱেলফেয়াৰ শিবিৰ আয়োজন কৰিব। এই শিৱিৰসমূহৰ উদ্দেশ্য হৈছে অনাময় কৰ্মী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে কল্যাণমূলক আঁচনিবোৰ সংপৃক্ত কৰা আৰু তেওঁলোকৰ কল্যাণ আৰু জীৱনৰ মানদণ্ড উন্নত কৰা। শিবিৰৰ উদ্দেশ্য হৈছে কঠিন আৱৰ্জনা ব্যৱস্থাপনা (এছডব্লিউএম) আৰু ব্যৱহৃত পানী ব্যৱস্থাপনা (ইউডব্লিউএম)ৰ সৈতে জড়িত সকলো অনাময় কৰ্মীক লক্ষ্য কৰা। গুৰুত্বপূৰ্ণ কাৰ্যকলাপসমূহত বিভিন্ন মন্ত্ৰালয়ৰ সৈতে একত্ৰিত হৈ গণ সজাগতা, প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষা, যোগ শিৱিৰ আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিসমূহৰ বিভিন্ন কল্যাণমূলক লাভালাভৰ অধিকাৰ সম্প্ৰসাৰিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কল্যাণমূলক আঁচনি পৰিচালনাৰ বাবে এই সংপৃক্ততা পদ্ধতিয়ে সুৰক্ষা, কল্যাণ বৃদ্ধি কৰাত আৰু অনাময় কৰ্মীসকলক সামাজিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব।

 

*****



(Release ID: 1957874) Visitor Counter : 302