প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিন্দীৰ প্ৰতি অষ্ট্ৰেলিয়াৰ কূটনীতিবিদসকলৰ আগ্ৰহ অতিকে আকৰ্ষণীয়: প্ৰধানমন্ত্ৰী

Posted On: 15 SEP 2023 9:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘হিন্দী দিৱস’ উদযাপনৰ সময়ত অষ্ট্ৰেলিয়াৰ কূটনীতিবিদসকলে তেওঁলোকৰ প্ৰিয় হিন্দী হিতোপদেশসমূহৰ আবৃত্তি কৰাৰ প্ৰসংগক প্ৰশংসা কৰে।

অষ্ট্ৰেলিয়াৰ ভাৰতস্থ উচ্চায়ুক্ত ফিলিপ গ্ৰীণ অ'এএম-য়ে ‘এক্স’-ত প্ৰেৰণ কৰা এক ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ‘এক্স পোষ্ট’ত কয়;


“আপোনালোকৰ এই ‘দোহা’ আৰু ‘প্ৰবচন’সমূহে মন্ত্ৰমুগ্ধ কৰি তুলিছে! হিন্দীৰ প্ৰতি অষ্ট্ৰেলিয়াৰ কূটনীতিবিদসকলৰ এই আগ্ৰহ নিতান্তই আকৰ্ষণীয়।”


 

*****



(Release ID: 1957692) Visitor Counter : 79