প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবিন্দ কুমাৰ জগন্নাথৰে মিলিত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী জগন্নাথে ‘অতিথি দেশ’ হিচাপে জি-২০ত অংশগ্ৰহণৰ বিশেষ আমন্ত্ৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায়

নেতাদ্বয়ে বহুমুখী দ্বিপাক্ষিক সহযোগিতাৰ পৰ্য্যালোচনা কৰে

প্ৰধানমন্ত্ৰী জগন্নাথে চন্দ্ৰযান-৩ৰ সফলতাত প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনোৱাৰ লগতে মহাকাশ খণ্ডত দুয়োপক্ষৰ অধিক সহযোগিতাত আগ্ৰহ প্ৰকাশ কৰে

Posted On: 08 SEP 2023 9:06PM by PIB Guwahati

৮ ছেপ্টেম্বৰ, ২০২৩ত দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবিন্দ কুমাৰ জগন্নাথৰে মিলিত হয়। 

প্ৰধানমন্ত্ৰী জগন্নাথে ‘অতিথি দেশ’ হিচাপে জি-২০ ফৰ্মেটত অংশগ্ৰহণৰ বাবে মৰিচাছক জনোৱা বিশেষ আমন্ত্ৰণৰ অৰ্থে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ অধ্যক্ষতাৰ অধীনত জি-২০ৰ ভিন্ন কৰ্মগোট আৰু মন্ত্ৰীসভাত মৰিচাছৰ সক্ৰিয় অংশগ্ৰহণৰ শলাগ লয়। 

উভয় দেশৰে কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তীৰ ক্ষণতে জি-২০ত সংযোগ স্থাপনৰ বাবে দুয়োগৰাকী নেতাই সন্তোষ প্ৰকাশ কৰে। দুয়োজন নেতাই ভাৰত আৰু মৰিচাছৰ বহুমুখী দ্বিপাক্ষিক সহযোগিতাৰ পৰ্য্যালোচনা কৰে। তেওঁলোকে বিগত এটা বছৰত দ্বিপাক্ষিক কাৰ্য্য-কলাপৰ দ্ৰুত গতিৰ কথা উল্লেখ কৰে। ইয়াৰ অংশস্বৰূপে ৩০ ৰোধিক প্ৰতিনিধি দলৰ ভ্ৰমণ আৰু ২৩ দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হৈছে। 

প্ৰধানমন্ত্ৰী জগন্নাথে চন্দ্ৰযান-৩ মিছনৰ সফলতাত প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱাৰ লগতে মহাকাশ খণ্ডত দুয়োপক্ষৰ মাজত অধিক সহযোগিতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

 

***

DS/LP/SB



(Release ID: 1955659) 



(Release ID: 1955752) Visitor Counter : 141