বিত্ত মন্ত্ৰালয়

বিশ্ব বেংকে প্ৰস্তুত কৰা জি২০ নথিত ভাৰতৰ প্ৰগতিৰ প্ৰশংসা

Posted On: 08 SEP 2023 11:38AM by PIB Guwahati

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)য়ে ভাৰতত পৰিৱৰ্তনশীল প্ৰভাৱ পেলাইছে, যিটো সমাৱেশী বিত্তৰ বহু দূৰলৈকে প্ৰসাৰিত হৈছে। বিশ্ব বেংকে প্ৰস্তুত কৰা বিত্তীয় অন্তৰ্ভূক্তিৰ বাবে জি-২০ বৈশ্বিক অংশীদাৰিত্ব নথি https://www.g20.org/content/dam/gtwenty/gtwenty_new/document/G20_POLICY_ RECOMMENDATIONS.pdf) য়ে ভাৰতত বিগত দশকত কেন্দ্ৰীয় চৰকাৰৰ অধীনত ডিপিআইৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ প্ৰশংসা কৰিছে।

এই নথিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা যুগান্তকাৰী ব্যৱস্থা আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি  (ডিপিআই)ৰ পৰিৱেশ গঢ় দিয়াত চৰকাৰী নীতি আৰু নিয়ন্ত্ৰণৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰা হৈছে।

  • বিত্তীয় অন্তৰ্ভূক্তিঃ
  • ভাৰতৰ ডিপিআই পদ্ধতিক প্ৰশংসা কৰি বিশ্ব বেংকৰ নথিখনত উল্লেখ কৰা হৈছে যে ভাৰতে মাত্ৰ ৬ বছৰতে যিখিনি অৰ্জন কৰিছে, সেয়া কৰিবলৈ প্ৰায় পাঁচ দশক লাগিছিল।
  • জেএএম ট্ৰিনিটিয়ে ২০০৮ চনত বিত্তীয় অন্তৰ্ভুক্তিৰ হাৰ ২৫%ৰ পৰা বিগত ৬ বছৰত প্ৰাপ্তবয়স্কৰ ৮০%তকৈ অধিক বৃদ্ধি কৰিছে, যিটো যাত্ৰা ডিপিআইৰ বাবে ৪৭ বছৰলৈ হ্ৰাস পাইছে।
  • নথিত শুদ্ধভাৱে উল্লেখ কৰিছে যে, “এই বিকাশত ডিপিআইৰ ভূমিকা নিঃসন্দেহে গুৰুত্বপূৰ্ণ যদিও ডিপিআইৰ পৰ্যাপ্ততাৰ ওপৰত প্ৰস্তুত কৰা অন্যান্য পৰিস্থিতিতন্ত্ৰৰ চলক আৰু নীতিসমূহ গুৰুত্বপূৰ্ণ আছিল। ইয়াৰ ভিতৰত অধিক সক্ষম আইনী আৰু নিয়ন্ত্ৰণমূলক আন্তঃগাঁথনি সৃষ্টিত হস্তক্ষেপ, একাউণ্টৰ মালিকীস্বত্ব সম্প্ৰসাৰণৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু পৰিচয় পৰীক্ষণৰ বাবে আধাৰৰ সুবিধা উল্লেখযোগ্য।”
  • ইয়াৰ আৰম্ভণিৰে পৰা ২০১৫ চনৰ মাৰ্চ মাহত খোলা পিএমজেডিৱাই একাউণ্টৰ সংখ্যা ১৪৭.২ মিলিয়নৰ পৰা ২০২২ চনৰ জুনলৈকে তিনিগুণ বৃদ্ধিৰে ৪৬২ মিলিয়ন হৈছে; এই একাউণ্টৰ ৫৬ শতাংশ, অৰ্থাৎ ২৬০ মিলিয়নতকৈ অধিক মহিলাৰ নামত খোলা হৈছে।
  • জন ধন প্লাছ কাৰ্যসূচীয়ে কম আয়ৰ মহিলাসকলক সঞ্চয় কৰিবলৈ উৎসাহিত কৰে, যাৰ ফলত ১ কোটি ২০ লাখতকৈ অধিক মহিলা গ্ৰাহক (২০২৩ চনৰ এপ্ৰিললৈকে) আৰু মাত্ৰ পাঁচ মাহত একে সময়ছোৱাত সমগ্ৰ পৰ্টফলিঅ’ৰ বিপৰীতে গড় জমা ৫০% বৃদ্ধি পায়৷ অনুমান কৰা হৈছে যে ১০ কোটি কম আয়ৰ মহিলাক সঞ্চয়ৰ কামত নিয়োজিত কৰি ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহে প্ৰায় ২৫,০০০ কোটি টকা (৩.১ বিলিয়ন ডলাৰ) জমা ধন আকৰ্ষণ কৰিব পাৰে।

 

  • চৰকাৰৰ পৰা ব্যক্তি (জি২পি)লৈ ধনাদায়ঃ
    • বিগত দশকত ভাৰতে ডিপিআইৰ সহায় লৈ বিশ্বৰ অন্যতম সৰ্ববৃহৎ জিডিটেল জি২পি আৰ্কিটেক্সাৰ গঢ়ি তুলিছে৷
    • এই পদ্ধতিয়ে ৩১২খন মূল আঁচনিৰ জৰিয়তে ৫৩টা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়ৰ পৰা হিতাধিকাৰীসকললৈ পোনপটীয়াকৈ প্ৰায় ৩৬১ বিলিয়ন মাৰ্কিন ডলাৰৰ হস্তান্তৰত সমৰ্থন কৰিছে।
    • ২০২২ চনৰ মাৰ্চ মাহলৈকে ইয়াৰ ফলত মুঠ ৩৩ বিলিয়ন মাৰ্কিন ডলাৰ সঞ্চয় হৈছিল, যিটো জিডিপিৰ প্ৰায় ১.১৪ শতাংশৰ সমতুল্য।

 

  • ইউপিআইঃ
    • কেৱল ২০২৩ চনৰ মে’ মাহত প্ৰায় ১৪.৮৯ ট্ৰিলিয়ন টকাৰ ৯.৪১ বিলিয়নতকৈ অধিক লেনদেন কৰা হৈছে৷
    • ২০২২–২৩ বিত্তীয় বৰ্ষৰ বাবে ইউপিআই লেনদেনৰ মুঠ মূল্য ভাৰতৰ জিডিপিৰ প্ৰায় ৫০ শতাংশ আছিল।

 

  • ব্যক্তিগত খণ্ডৰ বাবে ডিপিআইসমূহৰ সম্ভাৱ্য মূল্য সংযোজনঃ
  • ভাৰতত ডিপিআইয়ে ভাৰতত ব্যৱসায়িক পৰিচালনাৰ বাবে জটিলতা, ব্যয় আৰু সময় কমোৱাৰ জৰিয়তে ব্যক্তিগত সংস্থাসমূহৰ বাবেও দক্ষতা বৃদ্ধি কৰিছে।
  • আনকি কিছুমান এনবিএফচিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ঋণ প্ৰদানত ৮% অধিক ৰূপান্তৰ হাৰ, মূল্য হ্ৰাসৰ ব্যয়ত ৬৫% সঞ্চয় আৰু জালিয়াতি ধৰা পেলোৱাৰ সৈতে জড়িত ব্যয় ৬৬% হ্ৰাস কৰিবলৈ সক্ষম হৈছে।
  • উদ্যোগৰ অনুমান অনুসৰি ডিপিআইৰ ব্যৱহাৰৰ লগে লগে ভাৰতত বেংকৰ গ্ৰাহকক জড়িতকৰণৰ খৰচ ২৩ ডলাৰৰ পৰা ০.১ ডলাৰলৈ হ্ৰাস পাইছে।

 

  • কে ৱাই চিৰ বাবে বেংকৰ অনুপালন ব্যয় হ্ৰাস
  • ইণ্ডিয়া ষ্টেকে কেৱাইচি পদ্ধতিসমূহ ডিজিটেলাইজ আৰু সৰল কৰিছে, ব্যয় হ্ৰাস কৰিছে; ই-কেৱাইচি ব্যৱহাৰ কৰা বেংকসমূহে তেওঁলোকৰ অনুপালন ব্যয় ০.১২ ডলাৰৰ পৰা ০.০৬ ডলাৰলৈ হ্ৰাস কৰে। ব্যয় হ্ৰাস পোৱাৰ ফলত কম আয়ৰ গ্ৰাহকসকলক সেৱাৰ প্ৰতি অধিক আকৰ্ষণীয় কৰি তুলিছে আৰু নতুন সামগ্ৰী বিকশিত কৰিবলৈ লাভৰ সৃষ্টি হৈছে৷

সীমা অতিক্ৰমী ধনাদায়:

  • ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত কাৰ্যকৰী হোৱা ভাৰত আৰু ছিংগাপুৰৰ মাজত আন্তঃসংযোগী ইউপিআই-পেনাও(UPI-PayNow) জি-২০ৰ বিত্তীয় অন্তৰ্ভুক্তিৰ অগ্ৰাধিকাৰৰ সৈতে খাপ খোৱাৰ লগতে সীমা অতিক্ৰম কৰি দ্ৰুত, কম খৰচী আৰু অধিক স্বচ্ছ ধনাদায়ৰ সুবিধা প্ৰদান কৰে।

একাউণ্ট এগ্ৰিগেটৰ (এএ) কাঠামোঃ

  • ভাৰতৰ একাউণ্ট এগ্ৰিগেটৰ (এএ) কাঠামোৰ লক্ষ্য হৈছে ভাৰতৰ তথ্য আন্তঃগাঁথনি শক্তিশালী কৰা, যাৰ ফলত গ্ৰাহক আৰু উদ্যোগসমূহে ইলেক্ট্ৰনিক সন্মতি কাঠামোৰ জৰিয়তে কেৱল তেওঁলোকৰ সন্মতিতহে তেওঁলোকৰ তথ্য বিনিময় কৰিব পাৰে। এই কাঠামো আৰবিআইৰ দ্বাৰা নিয়ন্ত্ৰিত।
  •  তথ্য বিনিময়ৰ বাবে মুঠ ১.১৩ বিলিয়ন ক্ৰমৱৰ্ধমান একাউণ্ট সক্ষম কৰি তোলা হৈছে, ২০২৩ চনৰ জুন মাহত ১৩.৪৬ মিলিয়ন সংখ্যক সঞ্চিত সন্মতি সংগ্ৰহ কৰা হৈছে।

তথ্য সবলীকৰণ আৰু সুৰক্ষা আৰ্কিটেক্সাৰ (ডিইপিএ):

  • ভাৰতৰ ডিইপিএই ব্যক্তিসকলক তেওঁলোকৰ তথ্যৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে ইয়াক প্ৰদানকাৰীসকলৰ মাজত ভাগ-বতৰা কৰিবলৈ সক্ষম হয়। ইয়াৰ দ্বাৰা নতুন প্ৰৱেশকাৰীয়ে পূৰ্বতে থকা গ্ৰাহক সম্পৰ্কত প্ৰচুৰ বিনিয়োগ কৰাৰ প্ৰয়োজন অবিহনে অনুৰূপ সামগ্ৰী আৰু সেৱাৰ প্ৰৱেশৰ উদ্গনি জনোৱাৰ লগতে উদ্ভাৱন আৰু প্ৰতিযোগিতাক লাভান্বিত কৰে।

 

****



(Release ID: 1955582) Visitor Counter : 140