প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

যোৱা ৪ বছৰত টেপৰ পানীৰ সংযোগৰ সংখ্যা ৩ কোটিৰ তুলনাত ১৩ কোটিলৈ বৃদ্ধি হোৱাত প্ৰধানমন্ত্ৰীয়ে শলাগ লৈছে

Posted On: 05 SEP 2023 7:59PM by PIB Guwahati

মাত্ৰ ৪ বছৰত টেপৰ পানীৰ সংযোগৰ সংখ্যা ৩ কোটিৰ পৰা ১৩ কোটিৰ সীমা স্পৰ্শ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জল জীৱন মিছনে মানুহৰ বাবে বিশুদ্ধ পানী উপলব্ধ কৰাৰ লগতে জীৱনৰ সহজতা আৰু জনস্বাস্থ্য বৃদ্ধিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"এই চমৎকাৰ কৃতিত্বৰ বাবে বহুত বহুত অভিনন্দন! জল জীৱন মিছন ভাৰতৰ গ্ৰাম্য অঞ্চলত বাস কৰা মোৰ পৰিয়ালৰ সদস্যসকলৰ বাবে বিশুদ্ধ খোৱাপানী সুলভ কৰি তোলাৰ দিশত এক মাইলৰ খুঁটি হ'বলৈ গৈ আছে। ই তেওঁলোকৰ সমস্যাসমূহ দূৰ কৰাত সহায় কৰাই নহয়, ইয়াৰ দ্বাৰা তেওঁলোকৰ উন্নত স্বাস্থ্যও নিশ্চিত কৰা হ’ব।"

***



(Release ID: 1955090) Visitor Counter : 82