প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘গ্লোবেল ফাইনেন্স চেণ্ট্ৰেল বেংকাৰ ৰিপ’ৰ্ট কাৰ্ড ২০২৩’ত “এ+” ৰেটিং লাভ কৰাৰ বাবে শক্তিকান্ত দাসক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 SEP 2023 8:17PM by PIB Guwahati
‘গ্লোবেল ফাইনেন্স চেণ্ট্ৰেল বেংকাৰ ৰিপ'ৰ্ট কাৰ্ড ২০২৩’ত "এ+" ‘ৰেটিং’ লাভ কৰাৰ বাবে ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘এ+ ৰেটিং’ লাভ কৰা কেন্দ্ৰীয় বেংকৰ তিনিগৰাকী গভৰ্ণৰৰ তালিকাৰ শীৰ্ষত ৰখা হৈছে শ্ৰী দাসক।
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ এটা ‘টুইট’ৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰে
"ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাসক অভিনন্দন জনাইছোঁ। এইটো ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত, যি বিশ্বৰ মঞ্চত আমাৰ বিত্তীয় নেতৃত্বক প্ৰতিফলিত কৰে। তেওঁৰ নিষ্ঠা আৰু দৃষ্টিভঙ্গীয়ে আমাৰ দেশৰ বিকাশৰ গতিপথ শক্তিশালী কৰি ৰাখিছে।"
***
(ৰিলিজ আই ডি : 1954700)
অতিথি কক্ষ : 157
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam