প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বাৰাণসীত অনুষ্ঠিত জি-২০ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক উপলক্ষে প্ৰতিনিধিসকলৰ সন্মানাৰ্থে আয়োজিত 'সুৰ বসুধা'ৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে



Posted On: 27 AUG 2023 6:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অনুষ্ঠিত জি-২০ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক উপলক্ষে প্ৰতিনিধিসকলৰ সন্মানাৰ্থে আয়োজিত 'সুৰ বসুধা' নামৰ এক সংগীতৰ অনুষ্ঠানৰ প্ৰশংসা কৰে।

এই অৰ্কেষ্ট্ৰাটোত জি-২০ সদস্য আৰু আমন্ত্ৰণকাৰী দেশসমূহৰ ২৯গৰাকী সংগীতজ্ঞ আছিল। বিভিন্ন বাদ্যযন্ত্ৰৰ সৈতে শিল্পীসকলে নিজৰ মাতৃভাষাত গীত পৰিৱেশন কৰি সংগীতৰ পৰম্পৰা উদযাপন কৰে। অৰ্কেষ্ট্ৰাৰ মনোমোহা সুৰবোৰে "বসুধৈৱ কুটুম্বকম"ৰ ভাৱনাক মূৰ্ত কৰি তুলিছিল- অৰ্থাৎ সমগ্ৰ বিশ্ব এটা পৰিয়াল।

কেন্দ্ৰীয় সংস্কৃতি, পৰ্যটন আৰু ড'নাৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীৰ এটা এক্স পোষ্টৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে উল্লেখ কৰে;

"বসুধৈৱ কুটুম্বকমৰ বাৰ্তা দাঙি ধৰাৰ এক উত্তম উপায় আৰু সেয়াও চিৰন্তন কাশী চহৰৰ পৰা!"

A great way to highlight the message of Vasudhaiva Kutumbakam and that too from the eternal city of Kashi! https://t.co/DpeyEKefnO

— Narendra Modi (@narendramodi) August 27, 2023

 

 

*************************


(Release ID: 1953978) Visitor Counter : 109