প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ সফলতাত প্ৰধানমন্ত্ৰীক অভিনন্দন প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ

অভিনন্দনৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জনাইছে

Posted On: 24 AUG 2023 10:00PM by PIB Guwahati

চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী শ্ৰী বেঞ্জামিন নেতানিয়াহুৰ পৰা অভিনন্দনসূচক টেলিফোন কল লাভ কৰে।

এই প্ৰশংসাসূচক টেলিফোনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণৰ হৈ তেওঁক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে চন্দ্ৰযানৰ সফলতা সমগ্ৰ মানৱজাতিৰ বাবে, বিশেষকৈ গোলকীয় দক্ষিণৰ দেশসমূহৰ বাবে মংগলজনক।

দুয়োজন নেতাই পৰৱৰ্তী সময়তো এইদৰে যোগাযোগ স্থাপন কৰি থাকিবলৈ সন্মত হয়।

********



(Release ID: 1952878) Visitor Counter : 71